নিউজ ডেস্ক, ১৬ নৱেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ (Passenger) অতিৰিক্ত ভিৰৰ মাজতো যাত্ৰা সুচল আৰু আৰামদায়ক কৰি তুলিবলৈ ষ্টেচনসমূহত যাত্ৰী সহায়ক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে ৰে’ল সেৱাৰ সংখ্যা বৃদ্ধি কৰিছে। ষ্টেচনসমূহত বাণিজ্যিক বিভাগৰ কৰ্মচাৰী আৰু ৰে’ল সুৰক্ষা বাহিনীৰজোৱানসকলক নিয়োজিত কৰা হৈছে, যাতে তেওঁলোকে প্লেটফৰ্মত যাত্ৰীসকলক প্ৰয়োজনীয় দিহা-পৰামৰ্শ দিয়াৰ লগতে নিৰাপদে ৰে’লত উঠা আৰু নমাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে।

ইয়াৰ উপৰি, যাত্ৰীসকলৰ সুবিধাৰ্থে খোৱাপানীৰ ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্ন যাত্ৰী এলেকা আৰু গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত বিশেষ অপেক্ষা ক্ষেত্ৰৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপসমূহে যাত্ৰীসকলৰ চলাচল অধিক সুচল কৰাৰ লগতে অপেক্ষাৰ সময়ছোৱাত এক আৰামদায়ক পৰিৱেশ প্ৰদান কৰাত সহায় কৰিছে। উৎসৱৰ বতৰত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত ৩১ খন উৎসৱকালীন বিশেষ ৰে’ল মুঠ ৮৬৪ টা ট্ৰিপেৰে পৰিচালনা কৰা হৈছে। ইয়াৰ উপৰি, আন এক বিশেষ পদক্ষেপ হিচাপেৰে’ল নং. ০৩০২৭/০৩০২৮ (হাওৰা-নিউ জলপাইগুড়ী-হাওৰা) বিশেষ ৰে’লখন ২০২৬ চনৰ নৱেম্বৰ মাহৰ দ্বিতীয় পষেকত অতিৰিক্ত চাৰিটা ট্ৰিপৰ বাবে চলাচল কৰিব,য’ত প্ৰতিটো দিশত দুটাকৈ ট্ৰিপ থাকিব।

এই হাওৰা-নিউ জলপাইগুড়ী বিশেষ ৰে’ল সেৱাই দক্ষিণ আৰু উত্তৰ পশ্চিমবংগৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে বিহাৰৰ বাৰছৈ আৰু কিষাণগঞ্জৰ যাত্ৰীসকলক পোনপটীয়া যাত্ৰাৰ সুবিধা প্ৰদান কৰিব। বিশেষ ৰে’ল সেৱাৰ সম্প্ৰসাৰণৰ লগতে ষ্টেচনসমূহত গ্ৰহণ কৰা বিভিন্ন যাত্ৰী সহায়ক ব্যৱস্থাই যাত্ৰীৰ অতিৰিক্ত ভিৰ ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰাৰ লগতে তেওঁলোকৰ বাবে অধিক সুবিধা, নিৰাপদ আৰু আৰামদায়ক ৰে’ল যাত্ৰা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

ৰে’ল নং. ০৩০২৭ (হাওড়া-নিউ জলপাইগুড়ী) উৎসৱকালীন বিশেষ ৰে’লখন চলিত বৰ্ষৰ ১৮ আৰু ২৫ নৱেম্বৰ, বুধবাৰে নিশা ২৩:৫০ বজাত হাওড়াৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা পুৱা ১০:৪৫ বজাত নিউ জলপাইগুড়ীত উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং. ০৩০২৮ (নিউ জলপাইগুড়ী-হাওড়া) উৎসৱকালীন বিশেষ ৰে’লখন চলিত বৰ্ষৰ ১৯ আৰু ২৬ নৱেম্বৰ, বৃহস্পতিবাৰে দুপৰীয়া ১২:৪৫ বজাত নিউ জলপাইগুড়ীৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা নিশা ০০:১৫ বজাত হাওড়াত উপস্থিত হ’ব। প্ৰতিটো দিশত এই বিশেষ ৰে’লখনে দুটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব।

এই বিশেষ ৰে’লখনত মুঠ ২২ টা ডবা থাকিব। ৰে’লখনৰ উভয় দিশতে বাণ্ডেল, নবদ্বীপ ধাম, কাটৱা, আজিমগঞ্জ, জংগীপুৰ ৰোড, মালদা টাউন, বাৰছোই, কিষাণগঞ্জ আৰু আলুৱাবাৰী ৰোড ষ্টেচনত ষ্টপেজ থাকিব। ইয়াৰ ফলত এই ষ্টেচনসমূহৰ যাত্ৰীসকলে হাওড়া আৰু নিউ জলপাইগুড়ীৰ মাজত পোনপটীয়া ৰে’ল যাত্ৰাৰ সুবিধা লাভ কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ আইআৰচিটিচিৰ ৱেবছাইটত উপলব্ধ থকাৰ লগতেবিভিন্ন বাতৰি কাকত আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো এই সম্পৰ্কে জাননী প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে’লসমূহৰ সবিশেষ নিশ্চিত কৰি ল’বলৈ অনুৰোধ জনোৱা হৈছে।