নিউজ ডেস্ক, ১৭ নৱেম্বৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই মালবাহী ৰে’লৰ পৰিচালন সুগম কৰি ইয়াৰ নেটৱৰ্কৰ সমগ্ৰতে মালবাহী ৰাজহ বৃদ্ধি কৰাৰ অৰ্থে গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপৰ এক বিস্তৃত পৰিসৰ প্ৰৱৰ্তন কৰিছে। এই পদক্ষেপসমূহে মালবাহী ৰে’লৰ পৰিচালনৰ আন্তঃগাঁথনি (Infrastructure) শক্তিশালী কৰি অধিক কাৰ্গো চলাচল সহজ কৰাৰ লগতে ৰে’ল-আধাৰিত লজিষ্টিক সেৱাৰ দক্ষতা অধিক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এই পদক্ষেপসমূহৰ অংশ হিচাপে, আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত গৌৰীপুৰ ষ্টেচনটো ৭ অক্টোবৰ ২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ বহিৰ্মুখী অটোমোবাইল ট্ৰেফিক পৰিচালনৰ বাবে আৰম্ভ কৰা হৈছে। একেদৰে, এই মণ্ডলৰ অধীনৰ ফালাকাটা ষ্টেচনটো ৩১ অক্টোবৰ ২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অন্তৰ্মুখী কয়লা আৰু কোক ট্ৰেফিক পৰিচালনৰ বাবে মুকলি কৰা হৈছে। এই পদক্ষেপসমূহে মালবাহী ৰে’লৰ পৰিবহন সুগম কৰি কাৰ্গো নিয়ন্ত্ৰণৰ ক্ষমতা সম্প্ৰসাৰিত কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত মাল-বস্তুৰ দক্ষ চলাচল বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ সমগ্ৰ মণ্ডলসমূহত বিভিন্ন সামগ্ৰী লোডিঙৰ জৰিয়তে মালবাহী ৰাজহ যথেষ্ট পৰিমাণে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আলিপুৰদুৱাৰ মণ্ডলত অটোমোবাইলৰ এখন ৰেক বুক কৰা হয়, পৰিণামস্বৰূপে ০.২৩ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন হয়। আনহাতে, কাটিহাৰ মণ্ডলৰ অধীনৰ পূৰ্ণিয়া (১২), ৰাণীপাত্ৰ (২), জালালগড় (১), কাটিহাৰ (১), সূৰ্য্য কমল (১) আৰু আৰাৰিয়া (১) সহ বিভিন্ন ষ্টেচনৰ পৰা ১৮ খন মাকৈ ৰেকৰ লোডিঙে অভিলেখ গঢ়ি তুলিছে, পৰিণামস্বৰূপে মালবাহী ৰে’লৰ পৰা ১০.৬২ কোটি টকাৰ ৰাজহ উপাৰ্জনত অৰিহণা যোগাইছে। ইয়াৰ উপৰিও, আইঅ’চি চাইডিং/ নিউ জলপাইগুড়ী আৰু এনআৰএছআৰ চাইডিং/ ৰঙাপানীৰ পৰা পেট্ৰ’লিয়াম, তেল আৰু লুব্ৰিকেণ্টৰ (পিঅ’এল) ৬৮ ৰেক লোড কৰা হয়, যাৰ ফলত ২৪.৯৯ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন হয়।

আনহাতে, লামডিং মণ্ডলেও মালবাহী ৰে’লৰ লোডিঙত উল্লেখনীয় প্ৰদৰ্শন কৰি, ১,৫৩২ ৱাগন ষ্টোন চিপছ লোডিঙেৰে ৭.৩৭ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও, ২,১৮৩ খন ৱাগন চিমেণ্ট বুক কৰা হয়, যি ৯.৫১ কোটি টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে পেট্ৰ’লিয়াম, তেল আৰু লুব্ৰিকেণ্টৰ (পিঅ’এল) ৪৯ খন ৱাগনৰ লোডিঙেৰে মালবাহী ৰাজহ অতিৰিক্ত ০.৫৪ কোটি টকাৰ উপাৰ্জন হয়। লগতে ১,৩৩৫ খন ৱাগন কণ্টেইনাৰ বুক কৰা হয় যাৰ ফলত ৪.৭০ কোটি টকাৰ মালবাহী ৰাজহ উপাৰ্জন হয়।

এই পদক্ষেপসমূহে মালবাহী ৰে’ল পৰিচালনৰ আন্তঃগাঁথনি উন্নত কৰি গ্ৰাহকসকলক উন্নত সেৱা প্ৰদান কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অবিৰত প্ৰচেষ্টাকেই প্ৰতিফলিত কৰিছে। বিভিন্ন সামগ্ৰীৰ পৰিবহনৰ বাবে ৰে’লৰ ব্যৱহাৰক বিস্তৃতভাৱে উৎসাহিত কৰি উত্তৰ পূব সীমান্ত ৰে’লৱেই আঞ্চলিক বাণিজ্যত অৰিহণা যোগাই লজিষ্টিক নেটৱৰ্কৰ শক্তিশালীকৰণ কৰাৰ লগতে সামগ্ৰিক অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে, লগতে নিৰৱচ্ছিন্ন, নিৰ্ভৰযোগ্য মালবাহী ৰে’লৰ চলাচলক উৎসাহিত কৰি আহিছে।