লখিমপুৰ পৰা ইজনা মামুল হক চৌধুৰী, সংবাদ ৩৬৫, ২৫ জুন : সামান্য নম্বৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভৰ পৰা বঞ্চিত হোৱা ছাহাব উদ্দিনে অৱশেষত উচ্চতৰ মাধ্যমিকত লাভ কৰিলে স্থান। পিতৃৰ বিয়োগৰ পিছত আধাতে শিক্ষা গ্ৰহণ সামৰি হোজাইৰ পৰা ঘৰমুৱা হৈছিল ছাহাব উদ্দিন। শিক্ষাগুৰুয়ে পুনৰ নামভৰ্তি কৰি দিছিল লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ছাহাব উদ্দিনৰ ওপৰত থকা শিক্ষাগুৰুৰ বিশ্বাস ভাঙিব নিদিলে ছাহাব উদ্দিনে।

নিজৰ ওপৰত বিশ্বাস থাকিলে আৰু যিকোনো পৰিস্থিতিৰ লগত যুঁজি যোৱাৰ মানসিকতা থাকিলে মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই। ইয়াকে পুনৰ এবাৰ প্ৰমাণ কৰিলে লখিমপুৰ জিলাৰ লালুকৰ ছাহাব উদ্দিনে। অতিকৈ মেধাবী ছাহাব উদ্দিন সামান্য নম্বৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বঞ্চিত হৈছিল স্থান লাভৰ পৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ নকৰাৰ বেদনা লৈ আগন্তক দিনত অধিক ভাল ফলাফল লাভ কৰাৰ আশা বুকুত বান্ধি ছাহাব উদ্দিন লখিমপুৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল হোজাই জিলালৈ। হোজাইত অধ্যয়ন আৰম্ভ কৰিবলৈ লওঁতেই কিছুদিন পিছত হঠাৎ ছাহাব উদ্দিন পিতৃ গিয়াচুদ্দিনৰ বিয়োগ ঘটে। লখিমপুৰত অকলশৰীয়া মাতৃ আৰু অৰ্থৰ অভাৱত হোজাইত আধাতে পঢ়া সামৰি ঘৰলৈ উভতি আহে ছাহাব উদ্দিন। পিতৃৰ বিয়োগৰ পিচত মানসিকভাৱে ভাগি পৰা ছাত্ৰ জনক পৰিয়াল তথা শিক্ষাগুৰুয়ে পুনৰ নামভৰ্তি কৰি দিছিল লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। লখিমপুৰৰ নিজা ভঙা জুপুৰী ঘৰৰ পৰা ছাহাব উদ্দিনে আৰম্ভ কৰে পুনৰ জীৱন সংগ্ৰাম। পিতৃৰ বিয়োগৰ পিছত আৰ্থিক ভাৱে ভাঙি পৰা ছাহাব উদ্দিন অঞ্চলটোৰ কন-কন ছাত্ৰ-ছাত্ৰীক টিউচন কৰি অতি কষ্টৰে নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল। কষ্টৰ মাজেৰে অধ্যয়ন কৰি বৃহস্পতিবাৰে ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত মুঠ ৪৬৬ নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ছাহাব উদ্দিন।

ছাহাব উদ্দিনৰ পিতৃ গিয়াচুদ্দিন লালুক মহাবিদ্যালয়ৰ নৈশ চকীদাৰ হিচাপে কৰ্মৰত আছিল যদিও চাকৰিৰ চৰকাৰীকাৰণ নোহোৱাৰ ফলত গিয়াচুদ্দিনে অতি কষ্টৰ মাজেৰে পুত্ৰক শিক্ষা গ্ৰহণৰ সকলো সুবিধা প্ৰদান কৰিছিল। ছাহাব উদ্দিনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল আৰু অঞ্চলবাসীৰ লগতে শিক্ষাগুৰু সকল।