নগৰবেৰাৰ পৰা আব্দুল হক, সংবাদ ৩৬৫, ২৫ জুন : বৃহস্পতিবাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ ফলাফলকলৈ উতফুল্লিত হৈ পৰিছে কাছুমাৰাবাসী৷ অঞ্চলটোৰ ব্যক্তিগতখণ্ডৰ কলা শাখাৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান হালিমন নেছা একাডেমীৰ ফলাফলকলৈ উৎফুল্লিত কাছুমাৰাৰ ৰাইজ৷ বিদ্যালয়খনৰ পৰা সৰ্বোচ্চ ৮১ শতাংশ নম্বৰেৰে ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত৷ মাতৃৰ নামত স্থাপন কৰা বিদ্যালয়খনৰ পৰিচালন সঞ্চালক হবিবুৰ ৰহমানে বিদ্যালয়খনৰ ফলাফলকলৈ অধিক আনন্দিত হোৱা পৰিলক্ষিত হৈছে৷

উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতে উৎফুল্লিত হৈ বিদ্যালয়খনৰ শিক্ষক সকলে বিদ্যালয় প্ৰাংগনত আয়োজন কৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ৷ ছাত্ৰ-ছাত্ৰীৰ মনোবল আৰু উৎসাহ বৃদ্ধি কৰাৰ উদ্দ্যেশ্যে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক হবিবুৰ ৰহমান আৰু কাছুমাৰা থানাৰ আৰক্ষী বিষয়াই নিজ হাতৰে ছাত্ৰ-ছাত্ৰী সকলক কলম আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়৷ বিদ্যালয়খনৰ তৰফৰ পৰা পৰিচালন সঞ্চালক হবিবুৰ ৰহমান, কাছুমাৰা থানাৰ আৰক্ষী বিষয়া ছিদ্দিক আলী আহমেদ আৰু উত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলকো বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ বিদ্যালয়খনৰ ফলাফলকলৈ অধিক আনন্দিত হৈ পৰা পৰিচালন সঞ্চালক গৰাকীয়ে কয় ” ছাত্ৰ-ছাত্ৰীৰ এই ফলাফল দেখি সঁচাই যেন আজি মোৰ মাতৃ হালিমন নেছাই প্ৰাণ পাই উঠিছে”৷ অনাগত দিনত বিদ্যালয়ৰ ফলাফল অধিক ভাল কৰিবলৈ নিজৰ ব্যক্তিগত ধনেৰে বিদ্যালয়খনত আৰু অধিক শিক্ষক নিয়োগ কৰি ছাত্ৰ-ছাত্ৰী সকলক উন্নত পাঠদান প্ৰদান কৰাৰ ব্যবস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে পৰিচালন সঞ্চালক গৰাকীয়ে৷

ছাত্ৰ-ছাত্ৰী সকলৰ বাবে শিক্ষা জীৱনটো হৈছে অতিকৈ গুৰুত্বপূৰ্ণ জীৱন, শিক্ষাৰ কোনো অন্ত নাই৷ বিদ্যালয়খনৰ শিক্ষক সকলৰ সৈতে অভিভাৱক সকলে সদায় যোগাযোগ ৰাখিব লাগে। শিক্ষাৰ্থী এগৰাকী যিটো বিষয়ত পাৰদৰ্শী সেই বিষয়তহে শিক্ষাৰ্থী গৰাকীক অধ্যয়ন কৰিবলৈ দিয়াটো প্ৰয়োজন বুলিও মন্তব্য কৰে পৰিচালন সঞ্চালক গৰাকীয়ে৷