গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জুন : নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰী গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হৈছে ভয়াবহ ভূমিস্খলন। ভূমিস্খলনৰ ফলত পাৱাৰ হাউছৰ সমীপত থকা বাসগৃহ এটাৰ ওপৰত খহি পৰিল গাৰ্ড ৱাল। গাৰ্ড ৱাল খহি পৰা বাসগৃহৰ ভিতৰত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছিল তিনি গৰাকীকৈ লোক।

যোৱা কিছুদিন ধৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত দি থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ লগতে সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। শুকুৰবাৰে পুৱাৰ ভাগত কাহিলীপাৰাৰ পাৱাৰ হাউচৰ তেত্ৰিশকৌটি মন্দিৰৰ ওচৰত থকা এটা বাসগৃহৰ ওপৰত মাটি আৰু গাৰ্ড ৱাল খহি পৰে। ভয়াবহ ভূমিস্খলনৰ ফলত খহি পৰা মাটি আৰু গাৰ্ড ৱালে বাসগৃহটো হেচা মাৰি ধৰে। মাটি আৰু গাৰ্ড ৱালৰ হেচি ধৰাত বাসগৃহটোৰ ভিতৰত তিনিগৰাকীকৈ লোক আৱদ্ধ হৈ পৰিছিল। বাসগৃহটোৰ ভিতৰত আবদ্ধ হৈ পৰা লোক কেইগৰাকী ক্ৰমে উষা বৰা, গোলাপী কলিতা আৰু ভৰত কলিতা। পুৱা শুই থকা অৱস্থাত হঠাৎ মাটি আৰু গাৰ্ড ৱাল খহি পৰাত তিনিও গৰাকী লোক মাটিৰ মাজত আৱদ্ধ হৈ পৰে। স্থানীয় ৰাইজে ঘটনা সংক্রান্তত আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু এছ ডি আৰ এফৰ লোক আহি তিনিও গৰাকী লোকক উদ্ধাৰ কৰে।

এছ ডি আৰ এফৰ জোৱান সকলে কেইবাঘণ্টা ধৰি উদ্ধাৰ অভিযান চলাই তিনিও গৰাকী লোকক মাটিৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তিনিও গৰাকী লোক গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে। উষা বৰা, গোলাপী কলিতাক এছ ডি আৰ এফৰ জোৱান সকলে ঘটনাস্থলীত উপস্থিত হৈয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও ভৰত কলিতাৰ ভৰিত ওপৰত খহি অহা মাটি আৰু গাৰ্ড ৱাল পৰি যোৱাত ভৰত কলিতাক উদ্ধাৰ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয় এছ ডি আৰ এফৰ জোৱান সকলক।