নগাঁৱৰ পৰা কুন্দন ভৰালী, সংবাদ ৩৬৫, ২৮ জুন : গণ সংক্ৰমণৰ দিশে গতি কৰিছে নেকি নগাঁও জিলা? কোনো ভ্ৰমণ ইতিসক নথকা ব্যক্তি জিলাখনত আক্রান্ত হৈছে কৰ’ণা ভাইৰাছত। ভ্ৰমণ ইতিসক নথকা নগাঁৱৰ দুগৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। বিকানীৰ জুৱেলাৰী নামৰ প্ৰতিষ্ঠান এটাৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ আৰু কৰ্মচাৰীৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ।

ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোক আক্রান্ত হৈছে কৰ’ণা ভাইৰাছত। কামৰূপ মহানগৰ জিলাত মহামাৰী কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছত এতিয়া অন্যান্য জিলা সমূহতো গণ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে। দেওবাৰে নগাঁও জিলাত ভ্ৰমণ ইতিসক নথকা দুগৰাকী লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰৰলৈ অহাৰ পিছত জিলাখনত গণ সংক্ৰমণৰ দিশে গতি কৰাৰ সন্দেহ প্ৰকট হৈছে। নগাঁও চহৰৰ মাজমজিয়াৰ বিকানীৰ জুৱেলাৰী নামৰ এটা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ আৰু প্ৰতিষ্ঠানটোত কৰ্মৰত এজন কৰ্মচাৰীৰ কোনো ধৰণৰ ভ্ৰমণ ইতিসক নথকাৰ পিছতো কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। আক্ৰান্ত দুয়োগৰাকী লোকৰ কোনো ভ্ৰমণ ইতিহাস নাই যদিও প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ পুত্ৰ প্ৰায়েই গুৱাহাটীলৈ অহা-যোৱা কৰে বুলি জানিব পৰা গৈছে। বিকানীৰ জুৱেলাৰী নামৰ প্ৰতিষ্ঠানটো ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে কনটেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে, শনিবাৰেও নগাঁও চহৰৰ জি ডি হস্পিতালৰ দুগৰাকী চিকিৎসা কৰ্মীৰ শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। হস্পিতালখনৰ এগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্ছ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। কিছুদিন পূৰ্বে জি ডি হস্পিতালত চিকিৎসাধীন অৱস্থাত থকা চকলাঘাটৰ এজন লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত সৃষ্টি হৈছিল আতংকৰ। চিকিৎসাধীন ৰোগীৰ শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছতে জি ডি হস্পিতালৰ চিকিৎসক তথা চিকিৎসা কৰ্মী সকলৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰি কৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। শনিবাৰে স্বাৱৰ নমুনা ফলাফল আহত চিকিৎসালয়খনত কৰ্মৰত এগৰাকী চিকিৎসক আৰু এগৰাকী নাৰ্ছৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি নিশ্চিত হয়।

ইফালে মহানগৰী গুৱাহাটীত ব্যাপক হাৰত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত দেওবাৰে নিশা ১২ বজাৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লক ডাউন ঘোষণা কৰা হৈছে। দেওবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’বলগীয়া লক ডাউন পূৰ্বৰ লক ডাউনতকৈও অধিক কঠোৰ হ’ব বুলিও চৰকাৰে ইংগিত দিছে। লক ডাউনৰ সময়ছোৱাত গুৱাহাটীত গেলামালৰ দোকান সমূহো সম্পূৰ্ণ বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।