নগৰবেৰাৰ পৰা আব্দুল হক, সংবাদ ৩৬৫, ২৮ জুন : বৰপেটাৰ চৰত অঘটন। বাঢ়নী পানীত পৰি তিনি বছৰীয়া শিশুৰ শোকাৱহ মৃত্যু। দিনৰ ভাগত ঘৰৰ চোতালত খেলি থকা অৱস্থাত হঠাৎ বানৰ পানীত পৰি নিৰুদ্দেশ হৈছিল শিশুটি। এঘণ্টা পিছত পানীত উফন্দী থকা অৱস্থাত চুবুৰীয়া তথা পৰিয়ালৰ লোকে উদ্ধাৰ কৰে শিশুটিক।
উজনি আৰু নামনিৰ কেইবাখনো জিলাত বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বৰপেটা জিলাৰ পৰা আহিছে এক শোকাৱহ মৃত্যুৰ খবৰ। বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত চৰৰ কাৰাইখাইতি গাঁৱত এটি তিনি বছৰীয়া শিশুৰ বানৰ পানীত পৰি মৃত্যু হৈছে। কাৰাইখাইতি গাঁৱৰ জাফৰ আলীৰ তিনি বছৰীয়া পুত্ৰ শ্বেখ ফৰিদ দেওবাৰে দিনৰ ভাগত ঘৰৰ চোতালত খেলি থাকোতে হঠাৎ বানৰ পানীত পৰি নিৰুদ্দেশ হৈছিল। অঞ্চলবাসী ৰাইজে প্ৰায় এঘণ্টা ধৰি বাঢ়নী পানীত শিশুটিক উদ্ধাৰৰ চেষ্টা চলাই পানীত উফন্দী থকা অৱস্থাত চুবুৰীয়া তথা পৰিয়ালৰ লোকে শিশুটিক উদ্ধাৰ কৰে।
বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ লগতে কাৰাইখাইতি গাঁৱৰ বিস্তৃত অঞ্চল বানৰ পানীত ডুব গৈছে। বাঢ়নী পানীৰ মাজত অঞ্চলবাসী ককবকাই থকাৰ মাজতে বানৰ পানীত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।