গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুন : ৰাজপথত গাখীৰ পেলাই গাখীৰ ব্যৱসায়ী সকলৰ প্ৰতিবাদ। লক ডাউনৰ প্ৰথমটো পুৱাতে প্ৰতিবাদত নামিল গাখীৰ ব্যৱসায়ী সকলে। মহানগৰীত আৰক্ষীয়ে গাখীৰ বিক্ৰী কৰাত বাধা প্ৰদানকলৈ নাৰেংগীৰ ৰাজপথ গাখীৰেৰে উটুৱাই পেলাই গাখীৰ ব্যৱসায়ী সকলে।

দেশজুৰি কৰ’ণা ভাইৰাছৰ ত্ৰাস দিনক দিনে বৃদ্ধি পোৱাৰ লগতে অসমতো ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। ৰাজ্যত মহানগৰী গুৱাহাটীত কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা সবাতোকৈ অধিক হোৱাৰ বাবে ৰাজ্য চৰকাৰে দেওবাৰে নিশাৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লক ডাউন ঘোষণা কৰিছে। পূৰ্বৰ লক ডাউনতকৈ এইবাৰৰ লক ডাউনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অধিক কঠোৰ হৈ মহানগৰীত খাদ্য সামগ্ৰীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে। চৰকাৰৰ নিৰ্দেশনা অনুসৰি সোমবাৰে পুৱাৰ ভাগত মহানগৰীৰ সকলো দোকান-বজাৰ বন্ধ থকাৰ লগতে ৰাজপথত যান বাহনৰ চলাচলো সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰা প্ৰিলক্ষিত হয়। ইয়াৰ মাজতে লক ডাউনৰ প্ৰথমটো পুৱাতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় মহানগৰীৰ গাখীৰ ব্যৱসায়ী সকলে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মাজত পৰা গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত আৰক্ষীয়ে গাখীৰ ব্যৱসায়ী সকলক বাধা প্ৰদান কৰাত গাখীৰ ব্যৱসায়ী সকল ক্ষোভিত হৈ প্ৰতিবাদত নামে। নাৰেংগী অঞ্চলত আৰক্ষীয়ে গাখীৰ ব্যৱসায়ী সকলক গাখীৰ বিক্ৰীত বাধা প্ৰদান কৰাত গাখীৰ ব্যৱসায়ী সকলে ৰাজপথৰ ওপৰত হাজাৰ হাজাৰ লিটাৰ গাখীৰ পেলাই দিয়ে। গাখীৰ ব্যৱসায়ী সকলে নাৰেংগীৰ ৰাজপথ গাখীৰেৰে উটুৱাই আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, লক ডাউনৰ ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষী সোমবাৰে পুৱাৰে পৰা কঠোৰ হোৱা পৰিলক্ষিত হৈছে। কোনো লোকে যাতে লক ডাউনৰ নীতি-নিৰ্দেশনা ভংগ কৰিব নোৱাৰে ইয়াৰ প্ৰতি মহানগৰ আৰক্ষীয়ে তীক্ষ্ণ দৃষ্ঠি ৰাখিছে। সোমবাৰে পুৱা নাৰেংগীত আৰক্ষীয়ে গাখীৰ ব্যৱসায়ী সকলক গাখীৰ বিক্ৰীত বাধা প্ৰদান কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নাৰেংগীত।