কলগাছিয়া, সংবাদ ৩৬৫, ২৯ জুন : বানৰ পানীত ককবকাইছে ৰাইজ। জন প্ৰতিনিধিৰ সময় নাই বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ বাবে। ৰাইজ ক্ষোভ, অভিযোগ দেখি কেইবাদিন ধৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য বানাক্ৰান্তৰ খবৰ ল’বলৈ উপস্থিত হ’ল বিধায়ক। জিলা উপায়ুক্তৰ লগত আলোচনা কৰি যাবতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান বিধায়কৰ।

কৰ’ণা মহামাৰীৰ মাজতে ৰাজ্যত দেখা দিছে ভয়াবহ বান পৰিস্থিতি। উজনিৰ পৰা নামনিলৈকে এফালে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়ত ৰাইজ ঘৰৰ ভিতৰত আৱদ্ধ হৈছে, আনফালে আকৌ বানপানীৰ বাবে মুক্ত আকাশৰ তলত আশ্ৰয় ল’বলৈ বাধ্য হৈছে হাজাৰ হাজাৰ লোক। ৰাইজৰ এই দুৰ্দশাৰ পিছতো জনপ্ৰতিনিধি সকল ৰাইজৰ খবৰ নোকোৱাৰ অভিযোগ উত্থাপিত হৈ আছে।
বৰপেটা জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ বানৰ কবলত। জিলাখনৰ বিভিন্ন অঞ্চলত ৰাইজৰ ঘৰ, খেতি পথাৰ, বাট-পথ পানীত ডুব যোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হোৱা ৰাইজৰ মাজত দেখা দিছে খাদ্য আৰু বিশুদ্ধ খোৱা পানীৰ সংকট। জিলাখনৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তর্গত চুনপুৰা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈছে শতাধিক বানাক্ৰান্ত ৰাইজ। বৰপেটাৰ অন্যান্য কেইবাখনো আশ্ৰয় শিবিৰৰ দৰে চুনপুৰা প্ৰাথমিক বিদ্যালয় আশ্ৰয় শিবিৰটো আশ্ৰয় লোক বানাক্ৰান্ত ৰাইজৰ সন্মুখীন হৈছে বিশুদ্ধ খোৱা পানী, খাদ্য আৰু শৌচাগাৰৰ সমস্যাৰ। আশ্ৰয় শিবিৰখনত কেইবাদিনো এনেদৰে থকাৰ পিছতো প্ৰশাসন আৰু জনপ্ৰতিনিধি বানাক্ৰান্ত ৰাইজৰ খবৰ নোকোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজ ক্ষোভিত হৈ পৰাত সোমবাৰে আশ্ৰয় শিবিৰত উপস্থিত হ’ল বিধায়ক। জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আশ্ৰয় শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বিধায়ক ইছলামে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা বৰপেটা জিলা উপায়ুক্তৰ লগত আলোচনাত মিলিত হৈ বানাক্ৰান্ত ৰাইজৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে আশ্ৰয় শিবিৰত থকা লোক সকলক।

বৰপেটা জিলাৰ বিভিন্ন অঞ্চলকে ধৰি ৰাজ্যৰ ২২ খনকৈ জিলা বানৰ কবলত পৰিছে। ৰাজ্যৰ ২০৮৬ খন গাঁৱৰ ৯ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে। ব্ৰহ্মপুত্ৰৰকে ধৰি কেইবাখনো নৈ-উপনৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বাবে বাঢ়নী পানীত প্লাবিত হৈ পৰা গাঁও সমূহৰ ৰাইজ বিভিন্ন আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে।