প্ৰশান্ত সাহা
তিনিচুকীয়া
২২ জুলাই
পুনৰ জ্বলিছে বাঘজান। বাঘজানত তৈলখাদত পুনৰ সংঘটিত হৈছে অগ্নিকাণ্ড। অগ্নিকাণ্ড ফলত আহত হৈছে তিনিজনকৈ বিদেশী বিশেষজ্ঞ। আহত বিশেষজ্ঞ তিনিজন আমেৰিকাৰ বুলি জানিব পৰা গৈছে। বৰ্তমানেও অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত আছে।
তিনিচুকীয়া জিলাৰ বাঘজান তৈলখাদত পুনৰ এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত এণ্টনী ষ্টিভেন ৰেংল্ড, ক্ৰাইগ নীল ডানকান আৰু ড’গ ডালাচ নামৰ আমেৰিকাৰ তিনিজন বিশেষজ্ঞ আহত হোৱা বুলি জানিব পৰা গৈছে। আহত তিনিওজন বিশেষজ্ঞ বাঘজান তৈলখাদত সংঘটিত হোৱা অগ্নিকাণ্ড নিৰ্বাপনৰ কামৰ লগত জড়িত আছিল। বিশেষজ্ঞ তিনিজন বাঘজান তৈলখাদত কেপিংৰ কামত ব্যস্ত থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হোৱাত তিনিওজন বিশেষজ্ঞ আহত হয়। বৰ্তমান তিনিওজন বিদেশী বিশেষজ্ঞক চিকিৎসা বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হৈছে।
উল্লেখ্য যে, যোৱা জুন মাহত বাঘজানত তৈলখাদত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছিল। প্ৰায় দুমান ধৰি অইল কৰ্তৃপক্ষই বিদেশী বিশেষজ্ঞৰ সহায়ত তৈলখাদৰ অগ্নিকাণ্ড নিৰ্বাপন কৰাৰ চেষ্টা চলাই আছে। তৈলখাদত অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ পিছত তৈলখাদৰ কাষৰীয়া গাঁও সমূহৰ বহু লোক আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছিল। পুনৰবাৰ বাঘজানত তৈলখাদত অগ্নিকাণ্ড সংঘটিত যোৱাত সমগ্ৰ বাঘজানবাসী ৰাইজ আতংকিত হৈ পৰিছে।