ছয়গাঁও

১৩ আগষ্ট

ছয়গাঁও পঞ্চায়ত কাৰ্যালয় ছয়গাঁও বজাৰৰ মাজলৈ স্থানান্তৰিত কৰাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৰ্তমান কোনো অসুবিধা নোহোৱাকৈ চলি থকা কাৰ্যালয়টো আঞ্চলিক পঞ্চায়তৰ লগতে গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ নোহোৱাকৈ স্থানান্তৰ কৰাৰ বাবে গাঁও পঞ্চায়তৰ সভানেত্ৰী তথা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ নেতৃত্বত নতুন কাৰ্যালয়টোৰ বাবে যোৱা ৭ আগষ্টত নতুন স্থানত আধাৰশিলাও স্থাপন কৰা হয়।

পঞ্চায়ত সভানেত্ৰীয়ে নিজৰ মুনাফা লুটাৰ লগতে একমাত্ৰ ৰাজনৈতিক লাভালাভৰ অংকত গাৰ জোৰেৰে এনেদৰে ছয়গাঁও পঞ্চায়তৰ কাৰ্যালয়টো আপত্তিবিহীন প্ৰমাণ পত্ৰ নোহোৱাকৈ ছয়গাঁও বজাৰত নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপনৰ ব্যৱস্থা কৰে ৷ জানিব পৰা মতে বৰ্তমান সুকলমে চলি থকা ছয়গাঁও পঞ্চায়ত কাৰ্যালয়টো ছয়গাঁও বজাৰত নিৰ্মাণৰ কাৰণে ছয়গাঁও আঞ্চলিক পঞ্চায়তৰ সচিব তথা খণ্ড উন্নয়ন বিষয়াই আপত্তিবিহীন প্ৰমাণ পত্ৰ দিব লাগে৷ যিহেতু কাৰ্যালয় স্থানান্তৰ কৰাৰ বাবে কেইবাটাও কাৰণৰ বাবে বিডিঅ’ গৰাকীয়ে আপত্তিবিহীন প্ৰমাণ পত্ৰ নিদিলে সেয়েহে তেওঁ এই সম্পৰ্কে পঞ্চায়ত বিভাগৰ আয়ুক্তলৈ চিঠি লিখে৷ যদি আয়ুক্তই আপত্তিবিহীন প্ৰমাণ পত্ৰ দিয়ে তাত বিডিঅ’ গৰাকীক ক’বলগীয়া একো নাই৷ কিন্ত আয়ুক্ত কাৰ্যালয়ৰ পৰা কোনো সেউজ সংকেট তথা আপত্তবিহীন প্ৰমাণ পত্ৰ নোপোৱাকৈয়ে গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে গাৰ জোৰেৰে যোৱা ৭ আগষ্টত খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতাৰ দ্বাৰা নতুন কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে৷ আচৰ্য্যজনক কথা এয়ে যে ছয়গাঁও পঞ্চায়ত কাৰ্যালয়টো ছয়গাঁও বজাৰৰ মাজমজিয়াত য’ত নিৰ্মাণ কৰিব তাত ইতিমধ্যে মাৰ্কেট ছেদ নিৰ্মাণ কৰা হৈছে৷ কেইবছৰমান পূৰ্বে বজাৰৰ উক্ত স্থানত এছ জি এছ ওৱাই আঁচনিৰ অধীনত বৃহৎ মাৰ্কেট ছেদ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু কাম প্ৰায় শেষ পাইছে৷ উক্ত মাৰ্কেট ছেদত বহু সংখ্যক ব্যৱসায়ীয়ে ব্যৱসায় কৰাৰ সুযোগ লাভ কৰিব৷ আনহাতে নতুন মাৰ্কেট ছেদৰ বিল্ডিং বনোৱাৰ আগতে তাত ব্যৱসায় কৰি থকা ব্যৱসায়ী সকলক বিল্ডিংৰ কাম সম্পূৰ্ণ হ’লেই তাত ব্যৱসায়ী সকলক ব্যৱসায় কৰাৰ বাবে সুযোগ দিয়াৰ কথা৷ কিন্ত উক্ত মাৰ্কেট ছেদত গাঁও পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণ কৰিলে বহু ব্যৱসায়ী উক্ত স্থানত ব্যৱসায় কৰাৰ পৰা বঞ্চিত হ’ব৷

উল্লেখযোগ্য যে ছয়গাঁও পঞ্চায়তৰ নতুন কাৰ্যালযটো বজাৰত নতুন স্থানত নিৰ্মাণ কৰাৰ সলনি মাৰ্কেট ছেদৰ প্ৰথম মহলাত নিৰ্মাণ কৰিব৷ এই নিৰ্মাণ কাৰ্যৰ বাবে চতুৰ্দশ বিত্ত আয়োগৰ ১৮ লাখ ৯০ হেজাৰ টকা ধাৰ্য কৰা হৈছে কিন্ত ব্যৱসায়ীৰ বাবে আন আঁচনিৰে নিৰ্মাণ কৰি থকা মাৰ্কেট ছেদত পঞ্চায়তৰ কাৰ্যালয় স্থাপন কৰাৰ ফলত কমেও ১১ জন ব্যৱসায়ী তথা নিবনুৱা যুৱক সংস্থাপন লাভৰ পৰা বঞ্চিত হ’ব৷ স্থানীয় ৰাইজে মাৰ্কেট ছেদৰ সলনি মাৰ্কেট ছেদ আৰু মাংসৰ ব্যৱসায়ৰ স্থানৰ মাজত খালী থকা ঠাইখিনিত নতুন কাৰ্যালয়টো স্থাপন কৰিলে অন্তত প্ৰথম আৰু দ্বিতীয় মহলাত কাৰ্যালয়ৰ কাম কাজ চলোৱাৰ লগতে তলৰ মহলাত ব্যৱসায় প্ৰতিষ্ঠান কৰাৰ সুযোগ পালেহেঁতেন৷ গাঁও পঞ্চায়তৰ প্ৰতিনিধি সকলৰ অবিবেচকি কাণ্ডৰ বাবে নতুনকৈ ব্যৱসায়ীয়ে ব্যৱসায় কৰা ঠাই পোৱাৰ সলনি বহুলোকে ব্যৱসায় কৰাৰ স্থানহে হেৰুৱাব৷ এই সন্দৰ্ভত ছয়গাঁও আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰতাপ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁৰ কাৰ্যকালত এই সন্দৰ্ভত এক প্ৰস্তাৱ আগবঢ়োৱা হৈছিল যদিও উক্ত স্থানত কাৰ্যালয় নিৰ্মাণ কৰিলে বহু ব্যৱসায়ীয়ে ব্যৱসাই কৰাৰ স্থান হেৰুৱাব লাগিব বাবেই সেই প্ৰস্তাৱ নাকচ কৰা হয়৷

বৰ্তমানৰ পঞ্চায়তখনে ক্ষমতাৰ জোৰেৰে বিডিঅ’ আৰু আয়ুক্তৰ কোনো কথাকে কেৰেপ নকৰি আন আঁচনিৰে বনোৱা বিল্ডিঙতেই কাৰ্যালয়টো স্থাপন কৰিবলৈ পঞ্চায়তৰ নিয়ম কানুন ভৰিৰে মোহাৰি পেলোৱা বুলি কয় ছয়গাঁও আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰতাপ কলিতাই৷ আনহাতে বৰ্তমানৰ কাৰ্যালয়তো স্থানান্তৰ কৰি আন ঠাইত নিৰ্মাণ কৰিব লাগিলে এখন সভা অনুষ্ঠিত কৰিব লাগে আৰু উক্ত সভাত সাংসদ আৰু বিধায়ককো নিমন্ত্ৰণ কৰিব লাগে বুলি কয়৷ কিন্ত এই সন্দৰ্ভত সাংসদ বিধায়কক মাতি কোনো সভা অনুষ্ঠিত নকৰি একমাত্ৰ গাৰ জোৰেৰে নতুন কাৰ্যালয় স্থাপনৰ যো জা কৰা বুলি তেওঁ কয়৷ আনহাতে আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি গৰাকীয়ে কয় যে ছয়গাঁও পঞ্চায়তৰ কাৰ্যালয়টো স্থানান্তৰ কৰি সেই মাটিখিনি কোনো এক অনুষ্ঠানে হস্তগত কৰাৰ অভিসন্ধি ৰচনা কৰিছে৷ কেৱল সেয়াই নহয় ছয়গাঁও পঞ্চায়তৰ কাৰ্যালয়টো স্থানান্তৰ কৰি উক্ত মাটিখিনি ছয়গাঁৱৰ দুটাকৈ বেচৰকাৰী অনুষ্ঠানে নিজৰ দখললৈ নিয়াৰ যো জা কৰিছে বুলি ছয়গাঁৱৰ বহুলোকে অভিযোগ কৰিছে৷ সেয়েহে ছয়গাঁও বজাৰত ব্যৱসায়ীৰ ভাত মাৰি নতুন কাৰ্যালয় স্থাপন কৰা কাৰ্য বন্ধ ৰাখিবলৈ ৰাইজে দাবী জনাইছে৷ যদি সঁচাকৈয়ে নতুন কাৰ্যালয় নিৰ্মাণ কৰে তেন্তে বজাৰৰ নতুন স্থানত কাৰ্যালয় স্থাপন কৰি বৰ্তমান নিৰ্মাণ হৈ থকা মাৰ্কেট ছেদ ব্যৱসায়ীৰ বাবে মুকলি ৰাখিবলৈ দাবী জনাইছে৷