মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

১৩ আগষ্ট

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত শ্ৰীৰামপুৰত বিদ্যুৎৰ লুকাভাকুত ৰাইজ অতিষ্ঠ হৈ পৰিছে। বিদ্যুৎৰ লুকাভাকু এক নিয়মত পৰিণত হোৱাত শ্ৰীৰামপুৰ অঞ্চলত যোৱা দীৰ্ঘদিন ধৰি ৰাইজৰ অৱস্থাৰ আৰু অধিক অৱনতি হোৱাত বিদ্যুৎ গ্ৰাহক সকলে বিভাগটোৰ অকৰ্মন্যতাকে দায়ী কৰিছে।

বিশেষকৈ অসম শক্তি বিতৰন কোম্পানী (এ পি ডি চি এল)ৰ জয়মাস্থিত পাৱাৰ হাউছৰ পৰা আৰ এ চি ফিডাৰৰ সংযোগ থকা বৃহত্তৰ অঞ্চলটোৰ শ্ৰীৰামপুৰবাসীয়ে ২৪ ঘণ্টাৰ ভিতৰত ৫-৬ ঘন্টা হে বিদ্যুৎ লাভ কৰে। আৰ এ চি ফিডাৰৰ সংযোগী অঞ্চলৰ শ্ৰীৰামপুৰ তথা পাৰ্শ্বৱৰ্তী বৃহত্তৰ অঞ্চলত যোৱা দীৰ্ঘদিন ধৰি বিদ্যুৎৰ সঘনাই লুকাভাকুৰ উপৰি কম ভল্টেজে ৰাইজক বাৰুকৈ অতিষ্ঠ কৰি তুলিছে। উৎকট গৰমত সঘনাই বিদ্যুৎ কৰ্তন আৰু কম ভল্টেজত বিদ্যুৎ গ্ৰাহক সকলৰ উপৰি ছাত্ৰ-ছাত্ৰী সকল যন্ত্ৰণাত ভুগি থকাৰ লগতে বিদ্যুৎৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন ক্ষেত্ৰৰ ব্যৱসায়ী সকলে তীব্ৰ ক্ষতিগ্ৰস্ত হৈ আছে। নিয়মীয়া বিদ্যুৎ যোগান ধৰাত গোসাঁইগাঁও বিদ্যুৎ উপসংমণ্ডল ব্যৰ্থ হোৱাত এঘণ্টা মূৰে-মূৰে আৰু কেতিয়াবা দুই-তিনি ঘন্টা ধৰি একেৰাহে বিদ্যুৎ কৰ্তন কৰিবলৈ বাধ্য হয়।এপিডিচিএলে প্ৰয়োজনীয় বিদ্যুৎ যোগান নধৰাৰ উপৰি আৰ এ চি ফিডাৰৰ সংযোগী অঞ্চলৰ বিদ্যুৎৰ খুঁটা-তাঁৰ-কাপ আদি আওপুৰণি হোৱা বাবে বিজুতিৰ পৰিমান বেছি বুলিও বিভাগৰ অভিযন্তা, লাইনমেন সকলে সদৰী কৰে। বিদ্যুৎ বিতৰন কোম্পানী এপিডিচিএল এই ক্ষেত্ৰত উদাসীন ভূমিকা লোৱাত ৰাইজে নিয়মিত বিদ্যুৎ সেৱা লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে বুলি বিভাগটোৰে একাংশই দাবী কৰিছে।

ইফালে নিয়মীয়া বিদ্যুৎৰ মাছুল আদায় দিয়াৰ পাছতো ৰাইজে উপযুক্ত বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ থকাত ব্যৰ্থ বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীৰ অকৰ্মন্যতা তথা বৈষম্যমূলক মনোভাৱৰ তীব্ৰ সমালোচনা কৰে অঞ্চলটোৰ বিদ্যুৎ গ্ৰাহকে।