যতীন নাথ

মাজবাট 

২০ আগষ্ট

বি টি চিত ১৭ বছৰে সংঘটিত হোৱা দুৰ্নীতিৰ পৰা পৰিত্ৰাণ বিচাৰি তথা নাথ যোগী সকলক প্ৰতাৰণা কৰাৰ ফলশ্ৰুতিত সমাগত বি টি চি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলক এইবাৰ এসিকনি দিয়া হ’ব। ইতিমধ্যে নাথ যোগী আৰু বি টি চি বাসী ৰাইজে এইবাৰ কঁকালত টঙালি বান্ধিছে বান্দিছে হাগ্ৰামাৰ বি পি এফ দলক বি টি চিৰ পৰা উৎখাত কৰিবলৈ। নাথ যোগী ছাত্র সন্থাৰ সভাপতি ফুকন চন্দ্ৰ নাথৰ ঘোষণা।

যোৱা ১৯ আগষ্টত বৰপেটা ৰোড্ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সদৌ বি টি চি নাথ যোগী ছাত্র সন্থাৰ বিশেষ সাধাৰণ সভাত পুৰণি সমিতিখন ভংগ কৰি নতুন সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত ফুকন চন্দ্ৰ নাথে কয় যে সদৌ নাথ যোগী ছাত্র সন্থাই এইবাৰ নিৰ্বাচনত ইউ পি পি এল দললৈ সমৰ্থন আগবঢ়াব। ১৭ বছৰে প্ৰতাৰণা কৰা হাগ্ৰামাক বি টি চি নিৰ্বাচনত এইবাৰ এসিকনি দিয়া হ’ব। উল্লেখ্য যে বি টি চিৰ চাৰিওখন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা সভাপতি-সম্পাদককে ধৰি আন আন বিষয় ববিয়াৰ লগতে উপদেষ্টা মণ্ডলীৰ উপস্থিতিত বৰপেটা ৰোড প্ৰেছ ক্লাৱত অৱসৰপ্ৰাপ্ত অধ্যক্ষ হীৰণ্য কুমাৰ নাথৰ সভাপতিত্বত এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত হৈছিল। উক্ত সভাতে সৰ্বসন্মত সিদ্ধান্ত আৰু প্ৰস্তাৱ মৰ্মে বি টি চি নাথ যোগী ছাত্র সন্থাই ফুকন চন্দ্ৰ নাথক সভাপতি, সাধাৰণ সম্পাদক হিচাপে অৰুপ নাথক আৰু যুটীয়া সম্পাদক হিচাপে মনোজ নাথক নিৰ্বাচিত কৰি ৩১ জনীয়া পূৰ্ণাংগ সমিতি এখন গঠন কৰি দায়িত্বভাৰ অৰ্পণ কৰে। সভাত সৰ্বসন্মতি মৰ্মে প্ৰস্তাৱ গ্ৰহণ কৰি সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলক সমৰ্থন দিয়াৰ পোষকতা কৰাৰ লগতে শান্তিৰ স্বাৰ্থত আৱছু আৰু এন ডি এফ বিৰ চাৰিওটা গোটৰ মাজত হোৱা বি টি আৰ চুক্তিখনক আদৰণি জনাই।

সভাৰ অন্তত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক পৰীক্ষাত ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ছাত্র-ছাত্ৰী সকলক ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়।