মামুন আলী
কোকৰাঝাৰ
২০ আগষ্ট

আগন্তুক বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ সদস্য পদৰ মনোনীত নিৰ্দ্দলীয় প্ৰাৰ্থী জগদীশ বসুমাতাৰীৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা। নিৰ্বাচনত জয়লাভ কৰিলে ৰাইজৰ সকলো সমস্যা সমাধানৰ আশ্বাস নিৰ্দলীয় প্ৰাৰ্থী গৰাকীৰ। 

বৃহস্পতিবাৰে পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বাশবাৰী অঞ্চলত আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ সদস্য পদৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী জগদীশ বসুমাতাৰীয়ে এক গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে। ৰাজ্যত কভিড-১৯ ৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সভাত উপস্থিত থকা প্ৰতিজন ব্যক্তিক মাস্ক প্ৰদান কৰি সভাৰ আৰম্ভণি কৰে জগদীশ বসুমাতাৰীয়ে। বিটিচি পৰিষদীয় নিৰ্বাচনত ইউ পি পি এল দলৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আশা পালি ৰখা জগদীশ বসুমাতাৰীয়ে ইউ পি পি এলৰ পৰা টিকট লাভ নকৰাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছে। বিভিন্ন সমস্যাৰে জৰ্জৰিত পৰ্বতঝোৰা অঞ্চলৰ সমস্যা সমূহ সমাধান কৰাৰ লগতে পৰ্বতঝোৰাবাসীৰ ৰাইজৰ কাষত থাকি ৰাইজৰ কাম কৰি যোৱাৰ উদ্দেশ্যে জগদীশ বসুমতাৰীয়ে ৰাইজৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত যুঁজ দিবলৈ ওলাই আহিছে বুলি সভাত মন্তব্য কৰে। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জগদীশ বসুমতাৰীয়ে নিৰ্বাচনত জয়লাভ কৰিলে ৰাইজৰ সমস্যা সমূহ সমাধান কৰাৰ পূৰ্ণ চেষ্টা চলাই যাব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে।

সভাত উপস্থিত থকা জগদীশ বাসুমতাৰীৰ সমৰ্থক সকলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জগদীশ বসুমতাৰীয়ে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। পৰ্বতঝোৰাত হাগ্ৰমা মহিলাৰীৰ শাসনকালত যোৱা ১৭ টা বছৰ ধৰি যি ব্যাপক দুৰ্নীতি সংঘটিত হৈছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰাৰ পিছত সকলো দুৰ্নীতি বন্ধ কৰাৰ আশ্বাস প্ৰদনা কৰে জগদীশ বাসুমতাৰীয়ে।