কলগাছিয়া
২১ আগষ্ট

জনীয়া সমষ্টিৰ অন্তৰ্গত গলিয়া আৰু শ্ৰীৰামপুৰত ৰাইজৰ শ্ৰমদানেৰে বেঁকী নৈৰ গৰাখহনীয়া ৰোধৰ প্ৰচেষ্টা। গলিয়া আৰু শ্ৰীৰামপুৰত বেঁকী নৈৰ গৰাখহনীয়াই নৈ পৰিয়া ৰাইজলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। ইতিমধ্যে বেঁকী নৈৰ বুকুত জাহ গৈছে কেইবাশ বিঘা কৃষিভূমিৰ লগতে শতাধিক পৰিয়ালৰ বাসগৃহ।

বানপানী আৰু গৰাখহনীয়া বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত নৈ পৰিয়াবাসীৰ বাবে প্ৰকৃতিৰ এক অভিশাপ। বছৰ বছৰ ধৰি জনীয়াবাসী বসবাস কৰি আহিছে এই অভিশাপৰ লগত। প্ৰতিবছৰে বানপানী আৰু বেঁকী নৈৰ গৰাখহনীয়াই জনীয়া সমষ্টিৰ শতাধিক নৈ পৰীয়া ৰাইজৰ সপোনৰ ঘৰ তথা শস্য শ্যামলা কৃষিভূমি উচন কৰি পথৰ ভিক্ষাৰীত পৰিনত কৰিছে। সমষ্টিটোৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গলিয়া আৰু শ্ৰীৰামপুৰ গাঁৱত বিগত কিছুবছৰ ধৰি বেঁকী নদীৰ গৰাখহনীয়াই অধিক কালৰূপ ধাৰণ কৰি চপৰা চপৰে খহাই নিছে ভেটি-মাটি।

বেঁকী নদীৰ গৰাখহনীয়াৰ ভয়াবহ ৰূপ দেখি ৰাইজে বাৰম্বাৰ চৰকাৰৰ কাষ চাপিও আজি পৰ্য্যন্ত নাপালে কোনো ধৰণৰ সুফল। ৰাইজে অনুৰোধ চৰকাৰ বাবে যেন গুৰুত্বহীন। চৰকাৰ কংগ্ৰেছেৰে হওক বা বিজেপিৰে হওক বৰপেটা জিলাৰ নৈ পৰিয়া অঞ্চল সমূহৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো এখন চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা পৰিলক্ষিত নহ’ল। ব্যৱস্থা গ্ৰহণৰ বাবে আগুৱাই অহা দেখা নগ’ল জনপ্ৰতিনিধি। জনপ্ৰতিনিধিৰ নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ প্ৰতি আস্থা হেৰুৱাই এতিয়া গাঁঠিৰ ধন ভাঙি আৰু ৰাইজে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ হাতে কামে লাগিছে। শুকুৰবাৰে গলিয়া নদীৰ পাৰত শতাধিক ৰাইজে হাতে কামে ব্যস্ত হৈ পৰে বাঁহৰ পাৰ্কুপাইন নিৰ্মাণৰ কামত।

উল্লেখযোগ্য যে, স্থানীয় বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ লগতে বৰপেটাৰ সাংসদ আব্দুল খালেকক ৰাইজে বেঁকী নদীৰ গৰাখহনীয়াৰ ৰোধৰ বাবে কেইবাবাৰো অনুৰোধ জনাই আহিছে যদিও ৰাইজৰ অনুৰোধৰ কোনো গুৰুত্ব নাই বিধায়ক আৰু সাংসদৰ বাবে। কিছুদিন পূৰ্বে বৰপেটা জিলাৰ বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলুবাৰী, হাপনা গাঁও, কুৰোবাহা আৰু চলচলিয়া গাঁৱত ৰাইজে বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াই ৰোধৰ দাবী জনাই এবুকু পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰিছিল।