মৰিগাঁও
২৩ আগষ্ট

কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পিয়ুষ হাজৰিকাই। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতা অসমৰ বাবে বিপদজনক বুলি মন্তব্য প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে এআইইউডিএফ’ৰ লগত নিৰ্বাচনী মিত্ৰতা কৰি বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিত কিংমেকাৰ হোৱাৰ সুযোগ প্ৰদান কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে।

ৰাজ্যৰ ৰাজনীতিত বৰ্তমান বহু চৰ্চিত কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতা সন্দৰ্ভত দেওবাৰে মৰিগাঁৱত মন্তব্য প্ৰকাশ কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই কয় বদৰুদ্দিন আজমলৰ নেতৃত্বতধীন এআইইউডিএফ দলৰ লগত নিৰ্বাচনী মিত্ৰতা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আৰু কংগ্ৰেছ দলে বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিত কিংমেকাৰ হোৱাৰ সুযোগ প্ৰদান কৰিছে। সেইহে কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতা অসমৰ বাবে বিপদজনক বুলি মন্তব্য প্ৰকাশ কৰি পিয়ুষ হাজৰিকাই কয় ভাৰতী জনতা পাৰ্টী অসমৰ ৰাইজৰ স্বাৰ্থত যুঁজি যাব। কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতাই অসমবাসী ৰাইজৰ বাবে কঢ়িয়াই অনা বিপদৰ পৰা অসমবাসী ৰাইজক সুৰক্ষা প্ৰদানৰ বাবে বিজেপি দল যুঁজ চলাই যাব বুলিও মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ পৰা কংগ্ৰেছ দল সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব বুকিও দাবী জনাইছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই।

ইফালে কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে কংগ্ৰেছৰ বিধয়াক ৰূপজ্যোতি কুৰ্মীয়ে। কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ নিৰ্বাচনী মিত্ৰতাকলৈ কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক তীব্ৰ সমালোচনা কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ আত্মবিশ্বাস নথকাৰ বাবে আজমলৰ এআইইউডিএফ দলৰ লগত নিৰ্বাচনী মিত্ৰতাৰ বাবে সিদ্ধান্ত লৈছে।