গুৱাহাটী 

২৩ আগষ্ট

কংগ্ৰেছ আৰু এআইইউডিএফ’ৰ মিত্ৰতাক লৈ পুনৰ সৰৱ হৈছে বিজেপি নেতা তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱাল গৰিয়া। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ’ৰ মিত্ৰতাক অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে অশুভ আখ্যা দি ছৈয়দ মুমিনুল আৱাল গৰিয়াই কয় যে বহু পুৰণি এজেণ্ডাৰ ভিত্তিতেই কংগ্ৰেছ দলে এ আই ইউ ডি এফ’ৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সৈতে গোপনে অথবা মুকলিকৈ মিত্ৰতা কৰি আহিছে।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ এইবাৰ মুকলিভাৱে মিত্ৰতা স্থাপন কৰি অসমৰ ৰাইজৰ আগত স্পষ্ট কৰি দিলে যে কংগ্ৰেছ প্ৰকৃততে অসমীয়াৰ পক্ষত নাই¸ কংগ্ৰেছ অসমৰ ৰাইজৰ বিৰুদ্ধেহে আছে। ছৈয়দ মুমিনুল আৱাল গৰিয়াই কয় যে ভাৰত স্বাধীন হোৱাৰ সময়তে কংগ্ৰেছে অসমখন ৰূপৰ থালত উপহাৰ দিব বুলি তদানীন্তন মুছলিম লীগৰ নেতা তথা পাকিস্তানৰ প্ৰথম ৰাষ্ট্ৰপতি মহম্মদ আলী জিন্নাক আশ্বাস দিছিল। অৰ্থাৎ দলটোৱে অসমক পাকিস্তানৰ হাতত গতাব বিচাৰিছিল। বৰ্তমান আজমল হৈছে জিন্নাৰেই প্ৰতিভূ। কংগ্ৰেছে এতিয়া অসমখন আজমলক উপহাৰ দি পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব বিচাৰিছে। ছৈয়দ মুমিনুল আৱাল গৰিয়াই আৰু কয় যে ৰাজনীতিত এক যোগ এক মানে দুই নহয়। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত এক যোগ এক দুইৰ হিচাপ মিলাবলৈ বিচৰা কংগ্ৰেছৰ আসন শূন্য হ’ব। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ’ৰ মিত্ৰতাক অসমৰ খিলঞ্জীয়া ৰাইজে গ্ৰহণ নকৰে কিয়নো এ আই ইউ ডি এফ বাংলাদেশী মুছলমানৰ ‘বি-টীম’। কংগ্ৰেছে বাংলাদেশীৰ পৃষ্ঠপোষক এই দলৰ সৈতে মিত্ৰতা কৰাৰ ফলত বিজেপি আটাইতকৈ বেছি লাভান্বিত হ’ব বুলিও মন্তব্য কৰে ছৈয়দ মুমিনুল আৱাল গৰিয়াই। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১০০ খনৰো অধিক আসন দখলৰ লক্ষ্যত উপনীত হ’ব। ছৈয়দ মুমিনুল আৱাল গৰিয়াই লগতে কয় যে অসমত বিজেপিবিৰোধী মহাজোঁট মুছলমানৰ মাজতেই হৈছে। কংগ্ৰেছ এতিয়া ৯০ শতাংশ পূৰ্ববংগীয় মুছলমানৰ দললৈ পৰিণত হৈছে। আনহাতে এ আই ইউ ডি এফ বাংলাদেশী মুছলমানক প্ৰতিনিধিত্ব কৰা দল। গতিকে দল দুটাৰ মাজত মিত্ৰতা মানে বাংলাদেশী মুছলমানৰ মাজত মিত্ৰতা।

অসমত সংখ্যালঘু বুলি ক’লে কেৱল মুছলমানকেই নুবুজায় বুলি দোহাৰি ছৈয়দ মুমিনুল আৱাল গৰিয়াই কয় যে অসম চুক্তিৰ আধাৰত কমেও ৫০ লাখ বাংলাদেশী মুছলমানক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে। এই মুছলমানসকলে বিজেপিক সমৰ্থন নকৰে। ইয়াৰ বিপৰীতে খিলঞ্জীয়া মুছলমান আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল বিজেপিৰ সমৰ্থনত আছে। খিলঞ্জীয়া মুছলমানৰ সহযোগত যোৱা বিধানসভা নিৰ্বাচনত প্ৰায় ১৫ খন আসনত বিজেপি প্ৰাৰ্থী জয়ী হৈছিল। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে কেৱল বাংলাদেশী মুছলমানৰ ভোটহে পাব বুলিও ছৈয়দ মুমিনুল আৱাল গৰিয়াই মন্তব্য কৰে।