গুৱাহাটী

২৪ আগষ্ট

জীৱন নামৰ বোৱতি নৈ খনত কেতিয়া কাৰ জীৱনলৈ বিষাদৰ ঢৌ নামি আহে সেয়া নেদেখাজনেহে জানে। হঠাৎ হাঁহি থকা পৰিয়াল এটিলৈ বিষাদৰ প্ৰচণ্ড ঢৌ নামি অহাত সুখৰ পৰিয়ালটিলৈ নামি আহিছে ঘোৰ অমানিশা। পৰিয়ালটোক প্ৰয়োজন ৰাইজৰ সহায্যৰ।

বিধাতাৰ কুটিল চক্ৰান্তত পৰি এটি হাঁহি-খিলখিলাই থকা পৰিয়ালৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। ৪ জনীয়া সদস্যৰে সম্পুৰ্ণ এখন সুখৰ সংসাৰ আছিল বিপুল শৰ্মাৰ। মাক,পত্নী আৰু এটি মৰম লগা কন্যা সন্তানৰ হাঁহি-ধেমালিৰে দিনবোৰ অতিবাহিত হৈছিল বিপুলৰ পৰিয়ালৰ, কিন্তু নিমিষতে যেন নিশেষ হৈ গ’ল বিপুলৰ পৰিয়ালৰ সোণালী দিনবোৰে। হঠাৎ কোঙা হৈ পৰিল এটি সুখৰ পৰিয়াল। আজিৰ পৰা প্ৰায় ১১ মাহ পুৰ্বে পলাশবাৰীৰ দখলাৰ বিপুল শৰ্মা নামৰ লোকজনৰ সংঘটিত হৈছিল এটি পথ দুৰ্ঘটনা। অতি সংকটজনক অৱস্থাত বিপুলক ৩ মাহ চিকিৎসালয়ৰ আই চি ইউত ৰাখি চিকিৎসা কৰাৰ পিছত বিপুল কিছু সুস্থ হৈ উঠিল যদিও শৰীৰৰ এটা ফাল সম্পূৰ্ণৰূপে বিকল হৈ পৰিল বিপুলৰ।

ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী বিপুলৰ দুৰ্ঘটনাৰ পিচত পানীত হাঁহে নচৰা অৱস্থা হৈছে পৰিয়ালটোৰ। বিপুলক সুস্থ কৰিবলৈ মাতৃ আৰু পত্নীয়ে নিজৰ আ-অলংকাৰ বিক্ৰী কৰাৰ লগতে ঘৰৰ সকলো মাটি সম্পত্তিও বিক্ৰী কৰিলে আনকি থকা ঘৰখনৰ ভেটিও বন্ধকত থৈ বিপুলৰ চিকিৎসা কৰিলে যদিও বিপুল পুনৰ আগৰ অৱস্থালৈ ঘুৰি নাহিল। টকাৰ অভাৱৰ বাবে এতিয়া চিকিৎসালয়ৰ সলনি ঘৰৰ বিচনাত নিথৰ হৈ পৰি আছে বিপুল। ঔষধৰ খালি বটলেৰে ভৰি পৰিছে বিচনাৰ কাষ, বিপুলৰ বাবে এতিয়া আৰু ঔষধ কিনিবলৈও সামৰ্থ নাই পৰিয়ালটোৰ। সেয়েহে এতিয়া বিপুলৰ উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোৱে সহায় বিচাৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হাতজোৰ কৰি কান্দি কান্দি বিলুলৰ মাকৰ কাতৰ অনুৰোধ সমগ্ৰ অসমবাসীলৈ উদ্ধাৰ কৰক পুত্ৰক।

পলাশবাৰীৰ দখলাৰ বিপুল শৰ্মাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে কৰা অনুৰোধ ৰক্ষা কৰিব পাৰিব নে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে সেয়া পৰৱৰ্তী সময়ত দেখা যাব। যদি আপুনিও পাৰে উদ্ধাৰ কৰক এই পৰিয়ালটোক। আপোনাৰ সামৰ্থ অনুযায়ী আৰ্থিক অথবা চিকিৎসা দিশত সহায় কৰক পৰিয়ালটোক। একাউণ্ট নং : ৩৩০২০৫১৬৬৭৪, আই এফ এছ চি নং : এছবিআই০০১৪৭৯৩, ভৰতীয় ষ্টেটত বেংক, বিজয়নগৰ শাখাৰ মামণি দেৱীলৈ আৰ্থিক সাহায্য প্ৰদান কৰি পৰিয়ালটোক সকাহ দিয়ক অথবা যোগাযোগ কৰক ৬০০১৫২৭১৫৮ নম্বৰত। আপোনাৰ অকন সহায়ে হয়টো পৰিয়ালটোক দিব পাৰে নতুন জীৱন।