বকো

২৪ আগষ্ট

বকোৰ চুকুনীয়াপাৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ। কাহিলি পুৱা প্ৰায় ৩ মান বজাত ৬ টা বনৰীয়া হাতীৰ এটা জাকে অঞ্চলটোত উপদ্ৰৱ চলোৱাৰ লগতে ভঁৰাল ধান খাই লণ্ডভণ্ড কৰে বাসগৃহ। বনৰীয়া হাতীৰ জাকৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰিলে এটা পৰিয়ালে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত। বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমান্তৱৰ্তী কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত প্ৰায়ে দেখিবলৈ পোৱা যায় বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল সমূহত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীয়ে প্ৰায়ে আক্ৰমণ চলাই লণ্ডভণ্ড কৰে ঘৰ-দুৱাৰ। সোমবাৰে কাহিলি পুৱাতে বকোৰ চুকুনীয়াপাৰাত পুনৰ বনৰীয়া হাতীৰ জাকে আক্ৰমণ চলাই লণ্ডভণ্ড কৰে এজন লোকৰ বাসগৃহ। বনৰীয়া হাতীৰ জাকটোৱে চুকুনীয়াপাৰাৰ দশৰথ ৰাভা নামৰ এজন লোকৰ ঘৰ ভাঙি চূৰমাৰ কৰাৰ লগতে দশৰথ ৰাভাৰ ভঁৰালৰ ধান খাই তহিলং কৰে। হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা দশৰথ ৰাভাৰ পৰিয়ালটোৱে ঘৰৰ পৰা পলাই কথমপি প্ৰাণ ৰক্ষা কৰে।

বনৰীয়া হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই যথেষ্ট ক্ষতিসাধন কৰি আহিছে। অঞ্চলবাসী ৰাইজে বন বিভাগক বনৰীয়া হাতীৰ জাকটোৰ সন্দৰ্ভত কেইবাবাৰো অৱগত কৰিছে যদিও এই ক্ষেত্ৰত বনবিভাগৰ নিৰ্লিপ্ত ভূমিকাই স্থানীয় ৰাইজক হতাশ কৰি তুলিছে।