ওদালগুৰি
২৪ আগষ্ট

বি টি চি’ৰ পৰিষদীয় নিৰ্বাচনক লৈ বড়োভূমিত গৰম ৰাজনৈতিক বতাহ বলি থকাৰ মাজতে অঞ্জলি দৈমাৰীয়ে বি পি এফ’ৰ পতাকাৰ তললৈ আহিল। ওদালগুৰিত অনুষ্ঠিত বি পি এফ দলৰ এক যোগদান অনুষ্ঠানত সকলোকে আচৰিত কৰি হঠাতে বি পি এফ দলত যোগদান কৰিলে অঞ্জলি দৈমাৰীয়ে।

সোমবাৰে ওদালগুৰিত অনুষ্ঠিত যোগদান অনুষ্ঠানত বড়ো উমেনছ জাষ্টিছ ফৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীয়ে বি পি এফ দলৰ সভাপতি হাগ্ৰামাৰ মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, ৰিহন দৈমাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ উঅস্থিতি অনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰে। বি পি এফ দলৰ নেতা সকলে অঞ্জলি দৈমাৰীক উষ্ম আদৰণি জনাই দললৈ আদৰি আনে। অঞ্জলি দৈমাৰী এন ডি এফ বি সংগঠনৰ নেতা ৰঞ্জন দৈমাৰীৰ ভগ্নী আৰু বৰ্তমান কাৰাবন্ধী হৈ থকা ভাতৃ ৰঞ্জন দৈমাৰীৰ মুক্তি বাবে অঞ্জলি দৈমাৰীয়ে আইনী যুঁজ চলাই আছে। অঞ্জলি দৈমাৰীয়ে দীৰ্ঘদিন ধৰি বড়ো লোক সকলৰ অধিকাৰৰ বাবেও যুঁজ চলাই আছে।

বি টি চি’ৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে অঞ্জলি দৈমাৰীয়ে বি পি এফ দলত যোগদান কৰাটো বি পি এফৰ বাবে এক গুৰুত্বপূৰ্ণ সাফল্য বুকিও ৰাজনৈতিক মহলত চৰ্চা চলিছে। ৰাজ্যত ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বি পি এফ দলে অঞ্জলি দৈমাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰো সম্ভাৱনা আছে বুলিও চৰ্চা আৰম্ভ হৈছে।