হাটশিঙিমাৰী

২৬ আগষ্ট

হাটশিঙিমাৰীৰ সুখচৰ-হাজিৰহাট টেম্পু চালক সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। চৰকাৰৰ তথা জনপ্ৰতিনিধি গভীৰ নিদ্ৰাত মগ্ন। চৰকাৰৰ আৰু জনপ্ৰতিনিধিৰ আশালৈ ৰৈ নাথাকি নিজেই ওলাই আহিল টেম্পু চালক সকল। নিজৰ গাঁঠিৰ ধনেৰে মেৰামতি কৰিলে পুখুৰী সদৃশ পথ।

প্ৰলয়ংকাৰী বানৰ পিছত ৰাজ্যৰ পথ সমূহৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। বানপানীয়ে উটুৱাই নিয়া পথ সমুহৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাতৰ। যাতায়তৰ ক্ষেত্ৰত অনুপযোগী হৈ পৰা এই পথ সমূহৰ মেৰামতিৰ দাবীত যি সময়ত প্ৰতিদিনে কৰবাত নহ’লে কৰবাত ৰাইজে প্ৰতিবাদ কৰিছে সেই সময়তে হাটশিঙিমাৰীৰ সুখচৰ-হাজিৰহাট টেম্পু চালক সন্থাই গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ সুখচৰ-হাজিৰহাট সংযোগি পথৰ জৰাজীৰ্ণ অৱস্থাই দীৰ্ঘদিন ধৰি জলাকলা খুৱাই আহিছে ৰাইজক। জৰাজীৰ্ণ অৱস্থাত থকা পথটো নিৰ্মাণৰ কাণসাৰ নাই স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰৰ। দীৰ্ঘদিন ধৰি পুখুৰী সদৃশ পথটোৰ ওপৰেদি বিপদসংকুল অৱস্থাত হেজাৰ হেজাৰ লোক যাতায়ত অব্যাহত ৰাখিছে যদিও পথটোৰে চলাচল কৰিব পৰা নাই কোনো অটো ৰিক্সা, টেম্পু আৰু চাৰিচকীয়া যান-বাহন। কোনো ধৰণৰ বাহন চলাচল কৰিব নোৱাৰাৰ ফলত যাতায়তৰ ক্ষেত্ৰত এক বৃহৎ সমস্যাত ভুগিবলগীয়া হৈছে হেজাৰ হেজাৰ ৰাইজ। চৰকাৰলৈ বাট নাচাই শেহতীয়াকৈ স্থনীয় ৰাইজৰ সহযোগত সুখচৰ-হাজিৰহাট টেম্পু চালক সন্থাই নিজৰ গাঁঠিৰ ধনেৰে মেৰামতি কৰিলে পুখুৰী সদৃশ পথটো।

পথটো মেৰামতি কৰাৰ বাবে স্থানীয় জনপ্ৰতিনিধিৰ লগতে প্ৰশাসনক কেইবাবাৰো অনুৰোধ জনোৱাৰ পিছতো স্থনীয় জনপ্ৰতিনিধি তথা প্ৰশাসনে পথটো মেৰামতি কৰাৰ বাবে কোনো ধৰণৰ আঁচনি ৰূপায়ন নকৰাত ক্ষোভিত হৈ পৰিছে স্থনীয় ৰাইজ। বর্তমান টেম্পু চালক সকলে পথটো মেৰামতি কৰিলে যদিও পৰৱৰ্তী সময়ত পথটোৰ ওপৰত দৃষ্টি ৰাখিবলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনায় হাজিৰহাট টেম্পু চালক সন্থাৰ লগতে স্হানীয় ৰাইজে।