গুৱাহাটী

৩০ আগষ্ট

ৰাজ্যৰ প্ৰায় বাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ আশা বৰ্তমানেও বুকুত পুহি ৰাখিছে যদিও শিক্ষা তথা বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ এটা বক্তব্যই শিক্ষক সমাজ পুনৰ আশাহত হোৱা দেখা গৈছে। উল্লেখ্য যে দুটা দিনৰ পূর্বে টেট শিক্ষক নিযুক্তি দিয়াৰ পাছত অনুষ্ঠিত এক সংবাদমেলত শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ১৯৯৩ চনৰ পৰা ২০১১ চনলৈকে শিক্ষক নিযুক্তিৰ ক্ষেত্রত এক ব্যাপক অনিয়ম হৈছিল বুলি ব্যক্ত কৰে। কোনোধৰণৰ সাক্ষাৎকাৰ নোহোৱাকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বিশেষকৈ শিৱসাগৰ আৰু লখিমপুৰ জিলাত মেট্রিক উত্তীর্ণ যিকোনো ব্যক্তিয়ে অতি সহজে শিক্ষকৰ নিযুক্তি লাভ কৰিছিল আৰু এই নিযুক্তি প্ৰক্ৰিয়াত সেই সময়ৰ শিক্ষা বিষয়াৰ লগতে ৰাজনৈতিক ব্যক্তি জড়িত থকাৰ অভিযোগ উত্থাপন কৰে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উক্ত মন্তব্যৰ সন্দৰ্ভত সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্রী গৰাকীৰ বক্তব্য সম্পূর্ণ শুদ্ধ আৰু সত্য নহয় বুলি জানিবলৈ দিয়ে। বসন্ত নেওগে কয় যে সেই সময়ত শিক্ষক নিযুক্তিৰ বাবে প্ৰাথমিক শিক্ষা বিভাগে সংবাদ মাধ্যমৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰিছিল আৰু ইয়াৰ উপযুক্ত তথ্য সন্থাৰ ওচৰত মজুত আছে। তাৰোপৰি সেই বিজ্ঞাপনৰ ভিত্তিত আয়োজন কৰা সাক্ষাৎকাৰত অৱতীর্ণ হৈ নিযুক্তি লাভ কৰাৰ লগতে পৰবৰ্তী সময়ত শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বুনিয়াদী প্ৰশিক্ষণো গ্ৰহণ কৰিছে ৰাজ্যৰ একাংশ শিক্ষকে। তাৰোপৰি জি.পি. এফ., চাৰ্ভিচ বুক, টাইম স্কেলসহ সম্পূর্ণ সুবিধাৰে ২০১২ চনলৈকে দৰমহা লাভ কৰিছিল এইসকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলে। উল্লেখ্য যে বিগত কংগ্রেছ চৰকাৰ দিনত অথবা বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত আয়োজন কৰা তদন্তত এই সকলো নথি দাখিল কৰা হৈছে বুলি ব্যক্ত কৰিছে বসন্ত নেওগে।

শিক্ষা বিভাগৰ চৰম অন্যায় আৰু অৱহেলাৰ বাবে একেধৰণে নিযুক্তি লাভ কৰা একাংশ শিক্ষকে বৰ্তমানেও নিয়মীয়াকৈ বেতন লাভ কৰাৰ বিপৰীতে এইসকল শিক্ষক আজি সম্পূর্ণ উপেক্ষিত আৰু অৱহেলিত বুলি তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে শিক্ষক সন্থাৰ শিৱসাগৰ জিলা সভাপতি কুশল বুঢ়াগোহাঁয়ে। উল্লেখ্য যে বিগত কংগ্রেছ চৰকাৰৰ দিনতো আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতো অধিকাংশ সময় শিক্ষামন্ত্রীৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষা জগতৰ অতীত কাহিনী ৰোমন্থন কৰা বিষয়টো অতি তাৎপর্যপূর্ণ। মন্ত্রী গৰাকীয়ে কোৱাৰ দৰে সেই সময়ত যদি অনিয়মৰ মাজেদি শিক্ষক নিযুক্তি হৈছিল তেন্তে সেই সময়ৰ একাংশ শিক্ষকক বৰ্তমানেও কেনেধৰণে দৰমহা প্ৰদান কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰে কুশল বুঢ়াগোহাঁয়ে।

বিগত বিধানসভা নির্বাচনৰ পূর্বে বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকলৰ চাকৰি বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে নিয়মীয়াকৰণ কৰিম বুলি নিৰ্বাচনী সভাত ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া মন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এনেধৰণৰ কথা কোৱাৰ কোনো প্ৰাসংগিকতা নাই বুলি শিক্ষক সন্থাৰ কেন্দ্ৰীয় সভানেত্রী হেমাঞ্জলী ভুঞা দত্তই স্পষ্ট মতামত প্ৰকাশ কৰে। প্ৰকৃততে যদি সঁচাই সেই সময়ত অনিয়মৰ মাজেদি শিক্ষক নিযুক্তি দিয়া হৈছিল তেন্তে সেই সময়ত কাৰ চৰকাৰ আছিল, কোন শিক্ষামন্ত্রী আৰু কোন কোন শিক্ষা বিষয়াৰ কাৰ্যকালত হৈছিল ইয়াৰো নিৰপেক্ষ বিচাৰ হ’ব লাগিব আৰু দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব লাগে বুলিও দাবী জনাই হেমাঞ্জলী ভুঞাই। তাৰোপৰি সেই সময়ত নিযুক্তি পোৱা সকলো শিক্ষকৰে চাকৰিৰ বৈধতা বিচাৰ কৰিব লাগিব। একেটা নিয়মৰ মাজেদি নিযুক্তি লাভ কৰা একাংশ শিক্ষকক দৰমহা প্ৰদান কৰিব আনহাতে আন একাংশ শিক্ষকক বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত কৰি ৰখাটো চৰম অন্যায় আৰু অপৰাধ বুকিও ব্যক্ত কৰে হেমাঞ্জলী ভুঞাই।

অসম চৰকাৰে নির্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ লগতে শিক্ষক সকলৰ দুখ দুৰ্দশা বিষয়ে অনুধাৱন কৰি অতি সোনকালে বৈধতা থকা অসমৰ সকলো শিক্ষকৰে চাকৰি নিয়মীয়াকৰণ কৰি মানুহ হিচাবে জীয়াই থকাৰ অধিকাৰ প্রদান কৰিবৰ আহ্বান জনাইছে শিক্ষক সন্থাৰ সম্পাদক বসন্ত নেওগে। শিক্ষকতাৰ লগতে জীৱন আৰু জীৱিকাৰ একমাত্র পথটি সুগম নহ’লে শিক্ষক সকলে পৰিয়াল বৰ্গৰ সৈতে শাসকীয় দলৰ মন্ত্রী, সাংসদ আৰু বিধায়কৰ ঘৰত আশ্রয় গ্রহণ কৰিব বুলি স্পষ্ট কৰেবসন্ত নেওগে।

ৰাজ্যৰ বেতন বঞ্চিত শিক্ষকসকলৰ সমস্যা সমাধানৰ অগ্রগতি সন্দৰ্ভত দেওবাৰে শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে প্ৰাথমিক শিক্ষা আয়ুক্তৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিছিল বুলি জানিবলৈ দিয়ে। উক্ত বাৰ্তাত বিত্ত বিভাগত থকা ফাইলটো বৰ্তমানেও শিক্ষা বিভাগলৈ অহা নাই বুলি জানিবলৈ দিয়ে। শিক্ষক সকলৰ ফাইলটোৰ সন্দৰ্ভত বিভিন্ন সময়ত একাংশ শিক্ষকে অপপ্ৰচাৰ আৰু বিভ্রান্তি সৃষ্টি কৰি অহা পৰিলক্ষিত হৈছে এনে অপপ্ৰচাৰত ভোল নাযাবৰ বাবে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই শিক্ষক সকলক আহ্বান জনাইছে ।