আনিছুৰ আলী

গৌৰিপুৰ 

২ ছেপ্টেম্বৰ

ধুবুৰীত এগৰাকী গোৱালপৰীয়া লোকগীতৰ কণ্ঠ শিল্পী শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে। স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিলে গোৱালপৰীয়া লোকগীতৰ জনপ্ৰিয় কণ্ঠ শিল্পী সাজিদা সৰকাৰে।

প্ৰেম বিবাহেৰে যুগ্ম জীবন আৰম্ভণি কৰি এতিয়া শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হ’ব লগীয়া হৈছে গোৱালপৰীয়া লোকগীতৰ জনপ্ৰিয় কণ্ঠ শিল্পী সাজিদা সৰকাৰ। স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা সাজিদা সৰকাৰ আশ্ৰায় ল’বলগা হয় পিতৃগৃহত। ধুবুৰী জিলাৰ চাপৰৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ জীয়ৰি তথা জনপ্ৰিয় গোৱালপৰীয়া লোকগীতৰ কণ্ঠ শিল্পী সাজিদা সৰকাৰৰ প্ৰায় ১২ বছৰ পূৰ্বে ফকিৰগঞ্জ থানাৰ অন্তৰ্গত পোৰাভিটা বজাৰৰ আব্দুল মান্নান মিঞাৰ পুত্ৰ তথা নৃত্যশিল্পী জিয়াউৰ ৰহমান ওৰফে মাছুদ খানৰ সৈতে প্ৰেম বিবাহ হৈছিল। আৰম্ভনিতে সকলো ঠিকে আছিল যদিও দহ বছৰ পূৰ্বে এটি কন্যা সন্তান জন্ম হোৱাৰ পিছৰে পৰা সাজিদা সৰকাৰৰ জীবনলৈ নামি আহে অমানিশাৰ ঘোৰ অন্ধকাৰ। আৰম্ভ হয় সাজিদা সৰকাৰৰ ওপৰত স্বামীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন।

স্বামীৰ নিৰ্যাতনত অতিষ্ঠ হৈ সাজিদা সৰকাৰ কন্যা সন্তানটিক লগত লৈ পিতৃগৃহলৈ ঘূৰি আহিবলৈ বাধ্য হয়। নিজ কন্যা সন্তানটিকলৈ সাজিদা সৰকাৰ পিতৃগৃহলৈ আহি জীৱন নিৰ্বাহৰ বাবে নামি পৰে চাকৰিৰ সন্ধানত। ইয়াৰ মাজতে সাজিদা সৰকাৰৰ স্বামীয়ে কন্যা সন্তানটিক সাজিদা সৰকাৰৰ পিতৃগৃহৰ পৰা নিজ ঘৰলৈ ঘূৰাই লৈ আহি পুনৰ নামি পৰে সাজিদা সৰকাৰক ছোচিয়েল মাধ্যমত বিভিন্ন অশ্লীল ভাষাৰে পোষ্ট দি মানসিকভাৱে অতিষ্ট কৰি তোলাত। স্বামীৰ নিৰ্যাতনত অতিষ্ঠ হৈ অৱশেষত সাজিদা সৰকাৰ কাষ চাপে হিউমেন ৰাইটচৰ সহায় বিচাৰি। হিউমেন ৰাইটচৰ সহযোগত সিজিদা সৰকাৰে ফকিৰগঞ্জত থানাত স্বামীৰ বিৰুদ্ধে ১১৬ নম্বৰৰ এখন গোচৰ ৰুজু কৰাত আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তি সাজিদা সৰকাৰৰ ১০ বছৰীয়া কন্যা সন্তানটিক স্বামীগৃহৰ পৰা উদ্ধাৰ কৰি ধূবুৰী চাইল্ড হোমত ৰাখে।

উল্লেখ্য যে, সাজিদা সৰকাৰৰ স্বামীয়ে নিজৰ কন্যা সন্তানটিক বিভিন্ন সময়ত বনকৰা ছোৱালীৰ দৰে ঘৰুৱা কামত নিয়োজিত কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰে গোৱালপৰীয়া লোকগীতৰ জনপ্ৰিয় কণ্ঠ শিল্পী সাজিদা সৰকাৰে। সেয়েহে স্বামীৰ নিৰ্যাতনৰ ফলত অতিষ্ঠ হৈ পিতৃগৃহত থাকিবলৈ বাধ্য হোৱা সাজিদা সৰকাৰে অতি শীঘ্ৰে এক উচিত তদন্তৰ জৰিয়তে ন্যায় বিচাৰি চৰকাৰ তথা প্ৰশাসন আহ্বান জনাইছে।