গুৱাহাটী

২৩ ছেপ্টেম্বৰ

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অধিক তীব্ৰতৰ কৰি তুলিছে। বুধবাৰে প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত এটা বৃহৎ চক্ৰক উৎখাত কৰে আৰক্ষীয়ে।

মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই মহানগৰী গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰত অভিযান চলাই অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰে। অপৰাধ অনুসন্ধান শাখাৰ দলটোৱে সঞ্জীৱ শৰ্মাৰ বাসগৃহৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ বহু সংখ্যক প্ৰশ্নকাকতো জব্দ কৰে। অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকতৰ লগতে অপৰাধ অনুসন্ধান শাখাৰ অভিযানকাৰী দলটোৱে বন বিভাগ আৰু জলসিঞ্চন বিভাগৰো বিভিন্ন পদৰ প্ৰশ্নকাকত জব্দ কৰে।

আৰক্ষীয়ে লগতে মহানগৰীৰ গণেশগুৰিৰ থেংকিউ লজতো অভিযান চলাই লাজৰ পৰা আন ছয়জনকৈ লোককো আটক কৰিছে। জানিব পৰা মতে আৰক্ষীৰ দলটোৱে থেংকিউ লজৰ পৰা ৩০০ প্ৰশ্নকাকত উদ্ধাৰ কৰিছে। থেংকইউ লজত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ আগতীয়াকৈ অনুষ্ঠিত হৈছিল বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে থেংকিউ লজৰ চাৰি স্বত্বাধিকাৰী ক্ৰমে অলকেশ বৈশ্য, প্ৰাঞ্জল শৰ্মা, বিমল থাপা আৰু প্ৰণৱ বৰাক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

ইফালে বামুন্দীৰ পৰাও আৰক্ষীয়ে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত কুশল দাস নামৰ অন্য এজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে যোৱা ২০ ছেপ্তেম্বত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল। অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হৈছে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী যুগনী ব্ৰহ্ম।