কুন্দন ভৰালী

নগাঁও

২৩ ছেপ্টেম্বৰ

আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত নগাঁৱত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ কৰি প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত ব্যক্তি সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাই ছাত্ৰ সংগঠনটোৱে।

অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত দেওবাৰে অসম চৰকাৰৰ গৃহ বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এন এছ ইউ আইৰ নগাঁও জিলা সমিতিয়ে। এন এছ ইউ আইৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰৰ গৃহ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে ছাত্ৰ সংগঠনটো। অসম চৰকাৰৰ হায় হায়, গৃহ বিভাগ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে ৰাজপথ উত্তাল কৰি দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনায়।প্ৰতিবাদী কাৰ্যসূচীত অসম ৰাজ্যিক সভাপতি প্ৰমুখ্যে নগাঁও জিলা এন এছ ইউ আইৰ বিষয়ববীয়া সকল প্ৰতিবাদস্থলীত গৃহ বিভাগৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জুমুঠি দাহ কৰে।

ইফালে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অধিক তীব্ৰতৰ কৰি বুধবাৰে প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত এটা বৃহৎ চক্ৰক উৎখাত কৰে। মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই মহানগৰী গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰত অভিযান চলাই অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ লগতে গণেশগুৰিৰ থেংকিউ লজতো অভিযান চলাই লাজৰ পৰা আন ছয়জনকৈ লোককো আটক কৰিছে।