নিউজ ডেস্ক

২৬ ছেপ্টেম্বৰ

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি বিধেয়কৰ বিৰুদ্ধে শনিবাৰেও ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ। ঠায়ে ঠায়ে কৃষি বিধেয়কৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাতিমূৰ্তি।

বিজেপি চৰকাৰৰ কৃষি বিধেয়কৰ বিৰোধিতা কৰি দেশৰ কেইবাটাও কৃষক সংগঠনে শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বাহন জনোৱাৰ সমান্তৰালে এই বিধেয়কখনৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালে শনিবাৰেও কৃষি বিধেয়কখনক কৃষক বিৰোধী আখ্যা দি ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

গোপালপাৰা কলেজৰ সম্মুখত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ অৰ্ধ শতাধিক কৰ্মীয়ে কৃষি বিধেয়কৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি গ বেক, নৰেন্দ্ৰ মোদী মূর্দাবাদ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে অতি শীঘ্ৰে কৃষি বিধেয়ক বাতিল কৰাৰ দাবীও উত্থাপন কৰে।

বৰপেটা জিলাৰ কলগাছিয়াতো কৃষি বিধয়েকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি কয় যে বিজেপি চৰকাৰখন কৃষক বিৰোধী চৰকাকৰ, এই চৰকাৰখনে কেৱল পুঁজিপতি সকলৰ স্বাৰ্থতে কাম কৰে বুলি অভিযোগ উত্থাপন কৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে।

উল্লেখ্য যে কৃষি বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰে বিভিন্ন কৃষক সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধনৰ অসমত মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল যদিও সদৌ অসম ছাত্ৰ সন্থাই এই বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল। বিধেয়কৰখনক কৃষি বিৰোধী আখ্যা দি আছুৱে ঠায়ে ঠায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰিছিল।