গোৱালপাৰা

২৬ ছেপ্টেম্বৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ অন্তৰ্গত ৰাখালকিল্লাত সংঘটিত হৈছে এক হত্যাকাণ্ড। জোঁৱায়ে হত্যা কৰিলে শহুৰেকক। হত্যাকাৰী জোঁৱায়েকৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত অন্য এহৰাকী মহিলা।

গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ অন্তৰ্গত ৰাখালকিল্লাত মফিজুল হক নামৰ এজন লোকে নিজ শহুৰক হত্যা কৰাকলৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে মফিজুল হক নামৰ এজন লোকজনে হঠাতে আক্ৰমণ চলাই নিজৰ শহুৰ নাজিৰ হুছেইনক হত্যা কৰাৰ লগতে নজিৰ হুছেইনৰ ভগ্নী ইন্না খাতুনকো আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়। মফিজুল হকৰ আক্ৰমণত ইন্না খাতুন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাৰ খবৰ পাই দণ্ডাধীশ তথা লক্ষীপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথৰ লগতে লক্ষীপুৰ¸ জলেশ্বৰ আৰু ধূমেৰঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত নাজিৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

হত্যাকাৰী মফিজুল হক সম্প্ৰতি পলাতক অৱস্থাত আছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি হত্যাকাৰী মফিজুল হকৰ ঘৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ অন্তৰ্গত চৈবাৰী বিশনুপুৰত।মফিজুল হকৰ দীৰ্ঘদিন ধৰি শহুৰৰ ঘৰৰ লোকৰ সৈতে কাজিয়া চলি আছিল আৰু অৱশেষত এই কাজিয়া হত্যাকাণ্ডৰ ৰূপে লয়। জোঁৱায়েকৰ আক্ৰমণত শহুৰ নিহত হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলত ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।