নলবাৰী

২৬ ছেপ্টেম্বৰ

গ্ৰেপ্তাৰ হ’ল নলবাৰীৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত জড়িত আটকাধীন যুৱক কুলদ্বীপ ৰাজবংশী। বৃহস্পতিবাৰে নলবাৰী আৰক্ষীয়ে আটক কৰিছিল কুলদ্বীপ ৰাজবংশীক।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে নলবাৰী আৰক্ষীয়ে আটক কৰা কুলদ্বীপ ৰাজবংশীক অৱশেষত শনিবাৰে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। শুকুৰবাৰে কুলদ্বীপ ৰাজবংশীৰ ঘৰত অভিযান চলাই বহু ন ন তথ্য পোৱাৰ পিছত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুলদ্বীপ ৰাজবংশীক। শুকুৰবাৰে অভিযানকালত কুলদ্বীপ ৰাজবংশীৰ ঘৰৰ পৰা বহু মোবাইলৰ ছিমকাৰ্ডৰ লগতে বহু নথিপত্ৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। আটকাধীন কুলদ্বীপ ৰাজবংশীয়ে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ লগত বহু ৰাজনৈতিক ব্যক্তি জড়িত আছে বুলি বিস্ফোৰক মন্তব্য কৰে। টিহুৰ কুমুদ গোস্বামী নামৰ এজন যুৱকো এই কাণ্ডৰ লগত জড়িত থকাৰ কথাও উল্লেখ কৰিছে ধৃত কুলদ্বীপ ৰাজবংশীয়ে। উল্লেখযোগ্য যে কুলদ্বীপ ৰাজবংশীয়ে নাম লোৱা কুমুদ গোস্বামী বৰ্তমান পলাতক অৱস্থাত আছে।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ চাকৰি প্ৰদানৰ নামত ধন সংগ্ৰহ কৰিছিল ধৃত কুলদীপ ৰাজবংশীয়ে। ইফালে পলাতক অৱস্থাত থকা কুমুদ গোস্বামীৰ সন্ধানত নলবাৰী আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই থকা বুলিও জানিব পৰা গৈছে।