আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

২৬ ছেপ্টেম্বৰ

ব্ৰহ্মপুত্ৰ নদীত জব্দ চোৰাং পশুধন। দক্ষিণ শালমাৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে বাংলাদেশলৈ নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰিলে গৰু। আটক এজন গৰু সৰবৰাহকাৰী।

পুনৰবাৰ দক্ষিণ শালমাৰাত পশুধন জব্দ। শুকুৰবাৰে নিশা দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাই দক্ষিণ শালমাৰাৰ ব্ৰহ্মপুত্ৰৰ নদীৰ পৰা ৬টা গৰু জব্দ কৰাৰ লগতে এজন পশুধন সৰবৰাহকাৰীক আটক কৰে। ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বাংলাদেশ লৈ চোৰাং ভাৱে পশুধন চালান দিয়াৰ চেষ্টা চলাওতে আৰক্ষীয়ে আটক কৰা পশুধন সৰবৰাহকাৰী জন দক্ষিণ শালমাৰা থানা এলেকাৰ মুঠাখোৱা দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা প্ৰয়াত আতব আলীৰ পুত্ৰ আব্দুল ছালাম বুলি জানিব পৰা গৈছে। দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে সৰবৰাহকাৰী জনৰ বিৰুদ্ধে দক্ষিণ শালমাৰা থানাত ৩১৪/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সৰবৰাহকাৰী জনক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা দুদিন পূৰ্বেও দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাই দক্ষিণ শালমাৰা আৰু ধুুুবুৰীৰ মাজমজিয়াৰ ভাৰত- বাংলাদেশ সমীপৰ ৰসমাৰীত ব্ৰহ্মপুত্ৰ নদীৰ পৰা এখন যন্ত্ৰচালিত নাওঁসহ ১১ টাকৈ গৰু জব্দ কৰাৰ লগতে এজন পশুধন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।