কলগাছিয়া

২৭ অক্টোবৰ

কলগাছিয়াৰ ক্ষুদ্ৰকুছিত জৰাজীৰ্ণ ৰাজ্যিক ঘাইপথ অৱৰোধ আমছুৰ। মাত্ৰ দুই কিলোমিটাৰ পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদত বহিল আমছু। পথ অৱৰোধকাৰী আমছু কর্মীক আৰক্ষীৰ বাধা। মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ।

আমছুৰ কলগাছিয়া জিলা সমিতিয়ে মঙলবাৰে ক্ষুদ্ৰকুছিত ২ নং ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰ শালমাৰাৰ পৰা বৰপেটা হৈ আমিনগাঁও লৈ যোৱা ২ নং ৰাজ্যিক ঘাইপথটো দুবছৰ পূৰ্বে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰা হয় যদিও ৰহস্যজনকভাৱে পথটোৰ মাজৰ বগুলামাৰীৰ পৰা আদিতপুৰলৈ দুই কিলোমিটাৰ পথ আজিকোপতিও নিৰ্মাণ হোৱা নাই। ফলত পথছোৱাত তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাৰ লগতে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনাত ভুগিছে হেজাৰ হেজাৰ যান বাহন। মাত্ৰ দুই কিলোমিটাৰ পথটো জৰাজীৰ্ণ অৱস্থাত থকাৰ ফলত পথটোত নিতৌ সংঘটিত হৈছে সৰু-বৰ দুৰ্ঘটনা। জৰাজীৰ্ণ পথটো মেৰামতি কৰাৰ বাবে বাৰম্বাৰ দাবী উত্থাপন হৈ আহিছে যদিও চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অৱশেষত আমছুয়ে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি অতি শীঘ্ৰে পথটো নিৰ্মাণ কৰি যাতায়ত বাবে সুচল কৰি তোলাৰ দাবী জনায়। ইফালে আৰক্ষীয়ে পথ অৱৰোধ কৰাত বিধি পথালি দিয়ে যদিও লগে লগে প্ৰতিবাদকাৰী সকলে পথ টোৰ মাজমজিয়াত বহি পৰি অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মুৰ্দাবাদ, গড়কাপ্তানী বিভাগ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, মন্ত্ৰী হিমন্ত বিশ্ব মুৰ্দাবাদ, আৰক্ষী প্ৰশাসন হায় হায় আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে।

আমছুৰ নেতৃত্বই অসম চৰকাৰ আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। আমছু নেতৃত্বই মাত্ৰ দুই কিলোমিটাৰ পথটো নিৰ্মাণ কৰাৰ দাবীত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। জৰাজীৰ্ণ পথটো অতি শীঘ্ৰে নিৰ্মাণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আমছুৰ কৰ্মকর্তা সকলে।