জোনমণি বেগম

বিশ্বনাথ

১৫ ফেব্ৰুৱাৰী

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক আক্ৰমণ পদ্ম হাজৰিকাৰ। ৰিপুন বৰা বিজেপিৰ এজেন্ট বুলি মন্তব্য পদ্ম হাজৰিকাৰ। কংগ্ৰেছৰ সভাপতিয়ে নিজে কয় কংগ্ৰেছৰ অপশাসন, ভ্ৰষ্টাচাৰ, দুৰ্ণিতীৰ কথা, চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মন্তব্য।

সোমবাৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয়। কমলাকান্ত নাট্য সমাজত অনুষ্ঠিত হোৱা বিশ্বনাথ সমষ্টিৰ প্ৰায় ২৫০০ গৰাকী পৃষ্ঠা প্ৰমুখক লৈ বৃহৎ সন্মিলন অনুষ্ঠিত হয়। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী বিষয়ববীয়াসহ বিধায়কক দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ৰ ৰণ কৌশল প্ৰস্তুত কৰাত। তেনে সময়তে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সোমবাৰে সাংবাদিকে কংগ্ৰেছৰ ১০০+ আসন সন্দৰ্ভত প্ৰশ্ন কৰাত পদ্ম হাজৰিকাই কয় “ৰিপুন বৰা কোন দলৰ প্ৰাৰ্থী ? তেওঁ নিজে নিজ দলৰ অপশাসন, ভ্ৰষ্টাচাৰ দুৰ্ণিতীৰ বিষয়ে কথা কয়, আচলতে ৰিপুন বৰা বিজেপিৰ এজেণ্ট”। আনহাতে বিশ্বনাথত বিজেপিৰ প্ৰাৰ্থীত্ব ১০০ শতাংশ নিশ্চিত। অগপ‌ই বিশ্বনাথত অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।মিত্ৰজোঁট হিচাপে অগপ আৰু বিজেপিৰ নিৰ্বাচন কেন্দ্ৰীক প্ৰত্যাশিত প্ৰাৰ্থীৰ ক্ষেত্ৰত সমষ্টিটোত ইতিমধ্যে অগপক নিৰ্বাচন খেলাৰ বাবে শীৰ্ষ নেতৃত্বৰ পৰা ১০০ শতাংশ নিশ্চিত বুলি ওলোৱা খবৰক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে সমষ্টিটোৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।

প্ৰমোদ বৰঠাকুৰে কয় এইয়া সম্পূৰ্ণ অপপ্ৰচাৰ। অসম গণ পৰিষদৰ বৰ্তমানৰ স্থিতি নাই, পঞ্চায়ত পৰ্যায়তো নাই, বুথ পৰ্যায়তো নাই। বিশেষকৈ অগপ আৰু বিজেপিৰ মিত্ৰজোঁট চলি থকা সময়ত এনে ধৰণৰ মন্তব্য কৰিব নাপায় আৰু ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতৃত্ব‌ই আগন্তুক বিধায়কসভা নিৰ্বাচনৰ বাবে বিজেপিক প্ৰাৰ্থীত্ব প্ৰদানৰো ইংগিত প্ৰদান কৰিছে বুলি জানিবলৈ দিছে বিধায়ক গৰাকীয়ে।