অলি উল্লাহ খান

লাহৰীঘাট

৬ জুলাই

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বোৱালগুৰি ক’ভিড ভেকচিন কেন্দ্রত যোৱা ১ জুলাইত দুৰ্বৃত্তৰ দল এটাই স্বাস্থ্যকৰ্মী এগৰাকীক প্ৰহাৰ কৰিছিল। এই ঘটনাই মৰিগাঁও জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। স্বাস্থ্যকৰ্মীক আক্ৰমণৰ লগত জড়িত দুৰ্বৃত্তৰ দলটো পলাতক অৱস্থাত আছিল যদিও দলটোৰ তিনি জনকৈ সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

সোমবাৰে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আৰক্ষীয়ে স্বাস্থ্যকৰ্মীক আক্ৰমণৰ লগত জড়িত তিনি জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে মঙলবাৰে তিনিজনকে জেললৈ প্ৰেৰণ কৰে। ধৃত অভিযুক্ত কেইজন হ’ল মুকছিদুল ইছলাম, আফতাপ হুছেইন আৰু অনোৱাৰ হুছেইন। উল্লেখ্য যে যোৱা ১ জুলাই কৰ্মৰত অৱস্থাত স্বাস্থ্যকৰ্মী ছাইফুল ইছলামক ছয়-সাত জনীয়া দুৰ্বৃত্তৰ দল এটাই আক্ৰমণ কৰিছিল।

ঘটনা সংক্ৰান্তত স্বাস্থ্যকর্মী ছাইফুল ইছলামে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত স্বাস্থ্যকৰ্মী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও বাকী কেইজন অভিযুক্ত পলাতক অৱস্থাত আছিল। ইয়াৰে তিনি জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।