গুৱাহাটী

৫ জুলাই

অসম আৰক্ষীৰ ইতিহাসত প্রথমবাৰৰ বাবে সোমবাৰে ৰাজ্যৰ সকলাে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ এক সন্মিলন অনুষ্ঠিত হয়। আৰক্ষী সেৱাৰ মানদণ্ড নতুনকৈ নিৰূপণৰ লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়ােজিত এই সন্মিলনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক সততা আৰু নিষ্ঠাৰে তেওঁলােকৰ কর্তব্য পালন কৰিবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত ৰাজনৈতিক হেঁচা অথবা অন্যান্য প্রলােভনৰ দ্বাৰা প্ৰৰােচিত নহ’বলৈ তেওঁ আহ্বান জনায়। জনসাধাৰণৰ প্রতি বন্ধুত্বপূর্ণ সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাস গ্রহণ কৰিবলৈও আৰক্ষীৰ লােকসকলৰ প্রতি আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হােৱা অপৰাধৰ ক্ষেত্ৰত আৰক্ষীয়ে শূন্য সহনশীল নীতি গ্রহণ কৰাৰ লগতে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ধর্ষণ, হত্যা, অস্ত্র আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বিচাৰ প্ৰক্ৰিয়াটো যাতে দ্রুতত হয় তাৰ বাবে শীঘ্ৰে অভিযােগনামা দাখিল কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে মৰণােত্তৰ পৰীক্ষাৰ প্রতিবেদন শীঘ্ৰে লাভ কৰাটো সুনিশ্চিত কৰিব লাগিব। ফৰেনচিকৰ প্রতিবেদন লাভ কৰাৰ ক্ষেত্ৰত যাতে কোনােধৰণৰ বিলম্ব নহয়, তাৰ বাবে প্রয়ােজন সাপেক্ষে ৰাজ্যৰ বাহিৰতাে নমুনা পৰীক্ষা কৰিব লাগিব। এই ক্ষেত্ৰত ডিআইজিসকলে বিশেষভাৱে দৃষ্টি ৰাখিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সন্দেহজনক বিষয়সমূহৰ বাহিৰে চাকৰি, পাছপৰ্ট আদিৰ ক্ষেত্ৰত আৰক্ষীৰ ভেৰিফিকেশ্যনৰ প্ৰমাণ পত্র সাত দিনৰ ভিতৰত প্ৰদান কৰাটো সুনিশ্চিত কৰিব লাগিব। তদুপৰি পথ দুর্ঘটনাত মৃত্যু হােৱা ব্যক্তিৰ পৰিয়ালে যাতে শীঘ্ৰে প্রতিবেদন লাভ কৰে আৰু বীমাৰ ধন দাবী কৰাত সহায়ক হয় সেই দিশতাে যথােচিত ব্যৱস্থা লােৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে। এতিয়াৰে পৰা প্রতি ছয়মাহৰ মূৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ সন্মিলন অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে উপৰিউক্ত বিষয়সমূহৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্রগতি লাভ কৰা হৈছে, সেই সম্পর্কে পৰৱৰ্তী সন্মিলনত বিতংভাৱে পর্যালােচনা কৰা হ’ব।

উৎকৃষ্ট প্রদর্শন আগবঢ়োৱাৰ বাবে আৰক্ষীৰ লােকসকলে যাতে উন্নত মানৰ কৰ্ম পৰিৱেশ লাভ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সকলাে আৰক্ষী থানাই অন্যান্য আৱন্টনৰ উপৰি আকস্মিক পুঁজি হিচাপে বছৰি ২.৫ লাখ টকা লাভ কৰিব। সকলাে থানাৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক একোখনকৈ বাহন প্রদান কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে দুর্গম অঞ্চলত থকা থানাসমূহলৈ মটৰ চাইকেল প্রদান কৰা হ’ব। এজাহাৰ দাখিল কৰাকে ধৰি সকলাে কাম দ্রুত আৰু সুশৃংখলিত কৰাৰ বাবে সকলাে আৰক্ষী থানাকে তিনিটাকৈ কম্পিউটাৰ প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আৰক্ষী বিষয়াসকলে যাতে থানা চৌহদতে থাকি যিকোনাে সমস্যা তৎকালে সমাধানৰ পদক্ষেপ ল’ব পাৰে তাৰ বাবে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু তিনিজন উপ-পৰিদৰ্শকৰ বাবে সকলাে আৰক্ষী থানা চৌহদৰ ভিতৰত আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

প্ৰতিখন আৰক্ষী থানাতে এটা জেনেৰেটৰ যােগান ধৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। আৰক্ষী থানাত কৰ্মৰত লােকসকলৰ বাবে প্রতি ১৫ দিনৰ অন্তৰত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগক কোৱা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে কয় যে বিস্তৃত আৰু ত্রুটীমুক্ত।অভিযােগনামা প্রস্তুতিৰ বাবে চি আইডিৰ জৰিয়তে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক প্রশিক্ষণ প্রদানৰাে পদক্ষেপ গ্রহণ কৰা হ’ব। তেওঁ লগতে কয় যে ন্যায় প্রদান আৰু অপৰাধীক শাস্তি বিহাৰ প্রক্রিয়াটো ক্ষিপ্রতৰ কৰাৰ বাবে দক্ষ চৰকাৰী অধিৱক্তা নিয়ােগ কৰাৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰিব। সন্মিলনত আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালক প্রধান জি পি সিং, অতিৰিক্ত সঞ্চালক প্রধান হৰমিত সিঙৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশ গ্রহণ কৰে।