আমিনগাঁও 

৬ জুলাই

উত্তৰ গুৱাহাটীৰ বিভিন্ন ঠাইত আবকাৰী বিভাগৰ অভিযান। ১৪৮ লিটাৰ চুলাই মদ জব্দ, ৯৫০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস কৰিলে অভিযানকাৰী আবকাৰী বিভাগৰ দলে। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে চুলাই মদ বিৰোধী অভিযান অধিক তীব্রতৰ কৰি তুলিছে আবকাৰী বিভাগে।

এফালে ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আনফালে চুলাই মদৰ বিৰোধী অভিযানত নামি পৰিছে আবকাৰী বিভাগ। চুলাই মদৰ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে কামৰূপ জিলাত আবকাৰী বিভাগে অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে৷ মঙলবাৰে উত্তৰ গুৱাহাটীৰ লঠীয়া বাগিচা, কটা বজাৰ আৰু গৌৰীপুৰ অঞ্চলত অবকাৰী বিভাগে অভিযান চলাই প্ৰায় ১৪৮ লিটাৰ চুলাই মদ আৰু ৯৫০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস কৰে৷

অবকাৰী বিভাগৰ সূত্ৰই জনোৱা মতে চুলাই মদৰ বিৰুদ্ধে অবকাৰী বিভাগৰ অভিযান অব্যাহত থাকিব। উল্লেখযোগ্য যে যোৱা ২৮ জুনত কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এখন পৰ্যালোচনা সভাত বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলাখনত চুলাই মদৰ বেহা এমাহৰ ভিতৰত সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ নিৰ্দেশনা দিছিল।

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশনাৰ পিছতে কামৰূপ জিলাত অবকাৰী বিভাগ চুলাই মদ বন্দ কৰাৰ বাবে উঠি পৰি লাগিছে। জিলাখনৰ চুলাই মদৰ ঘাটিয়ে ঘটিয়ে অবকাৰী বিভাগে অভিযান আৰম্ভ কৰিছে। চুলাই মদৰ বেহাৰ ক্ষেত্ৰত দুৰ্নীতিগ্ৰস্ত বিষয়াক কেতিয়াও ৰেহাই দিয়া নহ’ব বুলিও সদৰি কৰিছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।