বিশ্বনাথ : বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ’মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ক’ভিডৰ ফলত স্বামীহাৰা হোৱা প্ৰায় ৩২ গৰাকী বিধৱা মহিলাক এককালীন বিত্তীয় সাহায্য হিচাপে প্ৰত্যেককে ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যদিও চৰকাৰে প্ৰিয়জনক হেৰুওৱাৰ ক্ষতি পূৰণ কৰিব নোৱাৰে, তথাপিও এককালীন আৰ্থিক সাহায্যই বিধৱাসকলৰ আৰ্থিক দুৰ্দশা কিছু পৰিমাণে লাঘৱ কৰিব আৰু তেওঁলোকক এক সন্মানীয় জীৱন যাপন কৰাত সহায় কৰিব। জনকল্যানমূলক আঁচনি গ্ৰহণৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভুমিকা লৈ থকাৰ বাবে মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানত মন্ত্রী গৰাকীয়ে কয় “এই আঁচনিৰ শুভাৰম্ভ কৰি অসমে আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে যে জনসাধাৰণৰ সুবিধাৰ বাবে অদ্বিতীয় কল্যাণমূলক আঁচনি আৰম্ভ কৰা ই হৈছে দেশৰ আগশাৰীৰ ৰাজ্য। আমি অতীতত এনে কৰি আহিছো আৰু ভৱিষ্যতেও সমানেই ৰাইজৰ হকে কাম কৰি যাম। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে আৰু আমি সেই দিশত সঠিক ভাৱেই আগবাঢ়ি গৈছো।”

উল্লেখযোগ্য যে যিসকল মহিলাৰ স্বামীয়ে ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত মৃত্যুবৰণ কৰিছে তেওঁলোক এই আঁচনিৰ অধীনত লাভাম্বিত হোৱাৰ যোগ্য। অৱশ্যে, বিধৱাগৰাকী নিম্ন উপাৰ্জনকাৰী হ’ব লাগিব আৰু বাৰ্ষিক উপাৰ্জন ৫ লাখ টকাৰ ভিতৰত হ’ব লাগিব। ‘মুখ্যমন্ত্ৰীৰ বিধৱা সাহায্য আঁচনি’খন ৰাজ্য চৰকাৰৰ ‘শিশু সেৱা আঁচনি’ৰ পিছতে আৰম্ভ কৰা হৈছে য’ত ক’ভিড-১৯ ৰ ফলত পিতৃ-মাতৃ হেৰুওৱা শিশুসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়।

আঁচনিখনৰ উদ্দেশ্য হৈছে এনে শিশুসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা আৰু লগতে তেওঁলোকক কোনো প্ৰতিকূল পৰিবেশৰ সন্মুখীন নোহোৱাকৈ নিজৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰি তোলা। অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰিপুল দাস আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।