সাজিদূৰ ৰহমান

ডিফু : গোলাঘাট আৰু ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জ্বলালে বৃহৎ পৰিমাণৰ ড্ৰাগছ। অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ পথ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। অসমত এখন ড্ৰাগছমুক্ত সমাজ গঠন কৰাৰ বাবে এইখন চৰকাৰে কোনো কাৰণতে ৰেহাই নিদিয়ে ড্ৰাগছৰ বেহাৰ লগত জড়িত লোক সকলক।

শনিবাৰে অসম আৰক্ষীয়ে গোলাঘাট আৰু পূব কাৰ্বি আংলং জিলাৰ ডিফুত অনুষ্ঠিত কৰে এক ড্ৰাগছ ধ্বংস কাৰ্যসূচী। বিগত সময়ছোৱাত অসম আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বিভিন্ন প্ৰকাৰৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জ্বলাই ধ্বংস কৰা হয় গোলাঘাট আৰু ডিফুত। অসম আৰক্ষীৰ এই ড্ৰাগছ ধ্বংস কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

প্ৰথমে গোলাঘাটত তাৰ পিছত ডিফুত মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে অগ্নি সংযোগ কৰি জ্বলাই ধ্বংস কৰে অসম আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। গোলাঘাট আৰু ডিফুৰ ড্ৰাগছ ধ্বংস কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। দেওবাৰে পুনৰ অসম  আৰক্ষীয়ে নগাঁও আৰু হোজাই জিলাত ড্ৰাগছ ধ্বংস কাৰ্যসূচী অনুষ্ঠিত কৰিব।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে নতুন চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ১৬৩ কোটি টকাৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰিছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহ পথ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে ৰাজ্যখনত ড্ৰাগছ সেৱন নিৰ্মূল কৰি ৰাজ্যত এক ড্ৰাগছমুক্ত সমাজ গঠন কৰাৰ উদ্দেশ্যেৰে ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে। মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে এইদৰে অভিযান চলাই যাবলৈ নিৰ্দেশ প্ৰদান কৰি কয় যে আৰক্ষীয়ে আইনৰ ভিতৰত থাকি ড্ৰাগছ বিৰোধী অভিযান অধিক কঠোৰ কৰি তোলক।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মণিপুৰ আৰু নাগালেণ্ড চৰকাৰৰ সহযোগিতাৰ বাবেই অসম আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে ড্ৰাগছমুক্ত অসম গঢ়িবলৈ অসম আৰক্ষী আগন্তক দিনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিব। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে ড্ৰাগছৰ বেহাৰ লগত জড়িত লোক সকলক এই অবৈধ বেহাৰ পৰা আঁতৰি আহিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে।