গুৱাহাটী : সদৌ গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেৱ মাজদূৰ সংঘৰ কেৱ চালক সকলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই দুটা সন্থাৰ লগত জড়িত কেৱ চালক সকল অ’লা-উবেৰ এৰি পে-ইণ্ডিয়াৰ সৈতে সেৱা আগবঢ়াবলৈ প্ৰস্তুত হৈছে। সন্থা দুটাৰ কেৱ চালক সকলে অভিযোগ উথাপন কৰিছে যে অ’লা-উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই কেৱ চালক সকলক দীর্ঘদিন ধৰি শোষণ কৰি আহিছে।

Please Subscribed our YouTube Channel and follow our Facebook page. 

বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত কেৱ চালক সকলৰ সন্থা দুটাই যুটীয়াভাৱে এক সংবাদমেল অনুস্থিত কৰি অ’লা-উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই কেৱ চালক সকলক শোষণ চলাই থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। সংবাদমেলত সদৌ গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ভাস্কৰ তালুকদাৰে কয় যে অহা ১ অক্টোবৰৰ পৰা কেৱ চালক সন্থা দুটাৰ কেৱ চালক সকলে অ’লা-উবেৰ নামৰ প্ৰতিষ্ঠান দুটাক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি গৰাকীয়ে লগতে কয় যে সন্থা দুটাৰ লগত জড়িত কেৱ চালক সকলে ১ অক্টোবৰৰ পৰা পে-ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানৰ লগত জড়িত হৈ কেৱ সেৱা আগবঢ়াব। অ’লা-উবেৰ নামৰ প্ৰতিষ্ঠান দুটাই দীর্ঘদিন ধৰি কেৱ চালক সকলক শোষণ কৰি আহিছে যদিও কেৱ চালক সকলৰ হাতত বিকল্প কোনো পথ নথকাৰ বাবে তেওঁলোক অ’লা-উবেৰৰ সৈতে সেৱা আগবঢ়াই আছিল বুলিও কয় গুৱাহাটী কেৱ ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি গৰাকীয়ে।

সংবাদমেলত কেৱ চালক সন্থা দুটাই এতিয়াও অ’লা-উবেৰৰ হৈ কেৱ সেৱা আগবঢ়াই থকা চালক সকলক অ’লা-উবেৰ বৰ্জন কৰাৰ বাবেও আহ্বান জনায়। ইফালে বিভিন্ন সময়ত কেৱ চালক সকলৰ বিৰুদ্ধে যাত্ৰীৰ লগত বেয়া ব্যৱহাৰৰ কৰাৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হয়। এই সন্দৰ্ভত সন্থা দুটাই অনাগত দিনত এনে ধৰণৰ অভিযোগ উত্থাপন হোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।