নিউজ ডেস্ক : এক ভয়ংকৰ পথ দুর্ঘটনা। যাত্ৰীবাহী বাছ বাগৰি পৰিল নদীত। দুৰ্ঘটনাত নিহত ৫ জনকৈ লোক। অহাত ১৬ জনকৈ লোক। উদ্ধাৰ অভিযান অব্যাহত।

চুবুৰীয়া ৰাজ্য মেঘালয়ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এখন যাত্ৰীবাহী বাছ নদীত বাগৰি পৰাত ৫ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে ১৬ জনকৈ লোক।

তুৰাৰ পৰা মেঘালয়ৰ ৰাজধানী শ্বিলং অভিমুখে গৈ থকা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰে। বুধবাৰে নিশা প্ৰায় ১১.৪৫ বজাত নংশ্ৰামৰ ৰিংডি নদীত যাত্ৰীবাহী বাছখন বাগৰি পৰে।

দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বর্তমানেও উদ্ধাৰ অভিযান চলি থকা বুলি জানিব পৰা গৈছে।