নগাঁও : নগাঁৱত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীৰে চকু উঠিল কপালত। আৰক্ষীয়ে কল্পনা নকৰা ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষী আচৰিত হৈ পৰে।ডকাইতি ঘটনাৰ অনুসন্ধান চলাবলৈ যোৱা আৰক্ষীয়ে কেঁচু খান্দোতে ওলাই পৰিল সাপ।

বুধবাৰে নিশাৰ ভাগত আৰক্ষীৰ এটা দলে নগাঁৱৰ মধুপুৰত এক ডকাইতিকাণ্ডৰ অনুসন্ধান চলাবলৈ গৈছিল। মধুপুৰৰ মকবুল হুছেইন নামৰ এজন লোকৰ ঘৰৰ অভিযান চলাবলৈ গৈছিল নগাঁও সদৰৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে। কিন্তু মকবুল হুছেইনৰ ঘৰৰ আৰক্ষীৰ দলটোৱে কল্পনা নকৰা বস্তু জব্দ কৰিলে।

আৰক্ষীৰ দলটোৱে মকবুল হুছেইনৰ ঘৰৰ পৰা জব্দ কৰিলে হাজাৰ হাজাৰ বিভিন্ন ভুৱা প্ৰমাণ পত্ৰ। গুৱাহাটী বিশ্ববিদ্যালয়, উচ্চতৰ মাধ্যমিক, অনুসূচিত জাতি, ভূমিৰ পঞ্জীয়ণ, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে জন্ম-মৃত্যুৰ ভুৱা প্ৰমাণপত্ৰৰ জব্দ কৰে আৰক্ষীয়ে। মকবুল হুছেইনৰ ঘৰখন ভুৱা প্ৰমানপত্ৰৰ কাৰখানা যেন অনুভৱ কৰে আৰক্ষীৰ দলটোৱে।

আৰক্ষীয়ে এই ভুৱা প্ৰমানপত্ৰ সমূহ জব্দ কৰি মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰে। অৱশ্যে আৰক্ষীৰ অভিযানৰ সময়ত ঘৰখনত উপস্থিত থকা আব্দুল খালেক নামৰ অন্য এজন লোক পলায়ন কৰে। জানিব পৰা মতে আব্দুল খালেক আৰু মকবুল হুছেইন এই ভুৱা ভুৱা প্ৰমাণপত্ৰ নিৰ্মাণৰ কাৰখানা চলাই আছিল। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই ভুৱা প্ৰমাণপত্ৰ নিৰ্মাণৰ চক্ৰৰ লগত আৰু লোক জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।