হাস্না বেগম

গুৱাহাটী : ডিঙিলৈকে সুৰাপান কৰি ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিয়া যুৱতীয়ে ২৪ ঘন্টাৰ ভিতৰত লাভ কৰিলে জামিন। মডেল ৰাজকন্যা বৰুৱাই নিশা প্ৰায় ২ বজাত সুৰাৰ ৰাগীত গাড়ী চলাই ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিয়াৰ পিছতো কেনেকৈ ২৪ ঘণ্টাৰ ভিতৰত লাভ কৰিলে জামিন ? ৰাজকন্যা বৰুৱাৰ পক্ষত আৰক্ষী থাকৰ বাবে আৰু আৰক্ষীৰ দুৰ্বল তদন্তৰ বাবেই ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিবলৈ সক্ষম হোৱা বুলি চৰ্চা চলিছে।

ধনী-দুখীয়া, প্ৰভাৱশালী ব্যক্তি-সাধাৰণ শ্ৰমিক, ৰাজনৈতিক নেতা- সৰ্বসাধাৰণ ৰাইজ, আইনৰ চকুত সকলো সমান। কিন্তু আৰক্ষীৰ চকুত জানো সকলো সমান নে ? বিভিন্ন সময়ত আৰক্ষীয়ে অপৰাধীৰ পক্ষত থকাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা যায়। আৰক্ষী অপৰাধীৰ পক্ষত থকাৰ পুনৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে অপৰাধীক ৰক্ষা কৰাৰ বাবে দুৰ্বল তদন্ত কৰাৰ অভিযোগ উত্থাপন হৈছে।

সুৰামত্ত এগৰাকী অপৰাধী যুৱতীৰ তুলনাত আৰক্ষীৰ ওচৰত চাগে ৯ জনকৈ শ্ৰমিক মূল্যহীন। ইয়াকে দিছপুৰ আৰক্ষীয়ে প্ৰমাণ কৰা যেন পৰিলক্ষিত হৈছে। যোৱা ১ অক্টোবৰৰ নিশা প্ৰায় ২ বজাত ক’ভিড নীতি-নিৰ্দেশনা ধোঁৱা চাঙত তুলি ৰাজকন্যা বৰুৱা নামৰ এগৰাকী যুৱতীয়ে সুৰাপান কৰি নিজৰ বাহনেৰে মহতিয়াই নিছিল ৯ জনকৈ শ্ৰমিকক। ৰুক্মিণীগাঁৱত পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা লোক নিৰ্মাণ বিভাগৰ এই ৯ জন শ্ৰমিকৰ ভিতৰত এজন শ্ৰমিকৰ এখন ভৰি দুর্ঘটনাস্থলীতে ছিঙি গৈছিল।

আঘাতপ্ৰাপ্ত শ্ৰমিক জনৰ অন্য এখন ভৰি কাটি পেলোৱা হয় চিকিৎসালয়ত। সুৰাপান কৰি ইমান ডাঙৰ এক দুর্ঘটনা সংঘটিত কৰাৰ পিছতো ৰাজকন্যা বৰুৱেই ২৪ ঘণ্টাৰ ভিতৰত লাভ কৰে জামিন। এতিয়া প্ৰশ্ন হয় ৰাজকন্যা বৰুৱাই কেনেকৈ জামিন পালে। ৰাজকন্যা বৰুৱাই জামিন লাভ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে সহায় কৰিছিল নেকি ? আৰক্ষীয়ে যিদৰে ঘটনাৰ তদন্ত কৰাৰ অভিযোগ উঠিছে ইয়াৰ পৰা আৰক্ষীয়ে সহায় কৰা যেন পৰিলক্ষিত হৈছে।

সমগ্ৰ ঘটনাৰ তদন্ত কৰা দিছপুৰ আৰক্ষীয়ে দুঘটনা সংঘটিত কৰা পিছত ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল যদিও ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল। আৰক্ষীয়ে দুর্ঘটনাস্থলীত সঠিকভাৱে তদন্ত চলোৱা নাছিল লগতে এজাহৰত আৰক্ষীয়ে ৰাজকন্যা বৰুৱা সুৰাপান কৰি থকা আৰু ক’ভিড নীতি-নিৰ্দেশনা ভংগ কৰাৰ কথা উল্লেখ কৰা নাছিল। এই ঘটনাকলৈ দিছপুৰ আৰক্ষী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। এই ঘটনাৰ তদন্ত কৰিছিল দিছপুৰ আৰক্ষীৰ যান-বাহন শাখাৰ এছ আই ছাহিৰ আলী আৰু আভাৰাণী গগৈয়ে।

দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। বৰ্তমান মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ছাহিৰ আলী আৰু আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। ৰাজকন্যা বৰুৱাৰ জামিন লাভৰ ক্ষেত্ৰত সুবিধা কৰি দিয়া আৰক্ষী বিষয়াৰ ৰক্ষা নাই বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পিছত মাতাল যুৱতীৰ গাড়ীৰ চকাই মহতিয়াই নিয়া আহত ৯ জনকৈ শ্ৰমিক ন্যায় পাব বুলি আশা কৰিব পাৰি।