ভাস্কৰজ্যোতি মহন্ত

নাজিৰা : নাজিৰা মহকুমাত আধাৰ ভৰ্তিকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্য শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা প্ৰশাসনৰ তত্বাবধানত অতিৰিক্তভাৱে নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নাজিৰা-শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণ কাৰ্যালয়ত ২ টা কৈ আধাৰ কেন্দ্ৰ ৪ অক্টোবৰ পৰা ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছে। ইতিমধ্যে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত আৰু নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আধাৰ ভৰ্তিকৰণ প্ৰক্ৰিয়া চলাই থকা হৈছে।

ইয়াৰ উপৰিও পৰ্যায়ক্ৰমে নাজিৰা নাট্য মন্দিৰ, নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাটো আধাৰ কেন্দ্ৰ মুকলি কৰা হ’ব। গাঁও পঞ্চায়ত সমূহতো জিলা প্ৰশাসনৰ তৰফৰ পৰা আধাৰ কেন্দ্ৰ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেই আধাৰ কেন্দ্ৰ সমূহ হ’ল মেকিপুৰ, নাজিৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, বাণ্টুং, জয়মতী, গেলেকী, পিয়লি ফুকন, বৰবৰুৱা, ন-পাম বৰুৱাটি, বিহুবৰ, দোলাকাষৰীয়া, ন-পুখুৰী, ৰজাভেটা, ফুলপানী, ৰহদৈ পুখুৰী, ৰমণী, লেঙিবৰ, চুকাফা, শিমলুগুৰি আৰু নাজিৰা গাঁও পঞ্চায়ত।

খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকল হিতাধিকাৰীয়ে নিজৰ নাম সমূহ আধাৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা নাই তেওঁলোকক উপৰোক্ত আধাৰ কেন্দ্ৰ সমূহত গৈ নামভৰ্তি কৰিবলৈ নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে আহ্বান জনাইছে।