গুৱাহাটী : ১১৬২০ জনৰ ভিতৰত ৪৫১১ জন শিক্ষকৰ চাকৰি নিয়মীয়াকাৰণ কৰিলে চৰকাৰে। এতিয়া বাকী থকা ৭৯০১ জনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত শিক্ষক সকলৰ চাকৰি কেতিয়া নিয়মীয়াকাৰণ হ’ব ? শিক্ষকৰ মৰ্যাদা বিচাৰিছে দীর্ঘদিন ধৰি শিক্ষকতা কৰি থকা এই সকল নিযুক্তিপ্ৰাপ্ত শিক্ষক সকলে। মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি পূৰণ কৰাৰ আহ্বান দৰমহাৰ পৰা বঞ্চিত নিযুক্তিপ্ৰাপ্ত শিক্ষক সকলৰ।

Please subscribe our YouTube Channel and follow our Facebook page 

চলিত বৰ্ষৰ ৩০ জানুৱাৰী তাৰিখে তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্রদান কৰি ৪৫১১ জন শিক্ষকৰ চাকৰি নিয়মীয়াকাৰণ কৰিছিল। বাকী থকা ৭৯০১ জন শিক্ষকৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত শিক্ষক সকলক অতি শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰি চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্ত আজি প্ৰায় ১০ মহে এই সকল শিক্ষকৰ চাকৰি নিয়মীয়াকাৰণ নহ’ল।

১৯৯১ পৰা ২০০১ বর্ষ পৰ্যন্ত চৰকাৰে নিযুক্তি দিছিল ১১৬২০ জন শিক্ষকক। চৰকাৰীভাৱে নিযুক্তি লাভ কৰিছিল যদিও এই সকলক শিক্ষকে লাভ কৰা নাছিল শিক্ষকৰ মৰ্যাদা। দৰমহা নোপোৱাকৈ এই সকল শিক্ষক মানৱ সম্পদ গঢ়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা প্ৰদান কৰি আহিছে। বিভিন্ন সময়ত এই সকল শিক্ষকে শিক্ষকৰ মৰ্যাদা আৰু দৰমহা বিচাৰি চৰকাৰক আহ্বান জনাই আহিছিল।

অৱশেষত চৰকাৰে চলিত বৰ্ষৰ ৩০ জানুৱাৰীত এই ১১৬২০ জন শিক্ষকৰ ভিতৰত ৪৫১১ জন শিক্ষকক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি নিযুক্তি পত্ৰ প্ৰদান কৰে যদিও বাকী থকা চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত শিক্ষক সকল এতিয়াও শিক্ষকৰ মৰ্যাদা আৰু দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে। বিগত প্ৰায় ১০ মহে অপেক্ষা কৰি কোনো ধৰণৰ সুফল লাভ নকৰি এই সকলক শিক্ষকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ প্ৰতিশ্ৰুতি মনত পেলাই দিছে।

সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত (দৰমহা নোপোৱা) প্ৰাথমিক শিক্ষক সন্থাই চাকৰি নিয়মীয়াকাৰণ নোহোৱা শিক্ষক সকলৰ চাকৰি নিয়মীয়াকাৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। সন্থাৰ উপদেষ্টা দীপক কুমাৰ শৰ্মাই কয় যে আগন্তক শীতকালীন বিধানসভাৰ অধিৱেশনৰ পূৰ্বেই চৰকাৰে তেওঁলোকৰ চাকৰি নিয়নীয়াকাৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।