মোজাক্কিৰ আলম

ৰূপহীহাট : চোৰাং চিকাৰীৰ জালত বহু কাম আৰু ডাউক চৰাই। বন বিভাগৰ অভিযানত চোৰাং চিকাৰীৰ জালৰ পৰা উদ্ধাৰ বহু কাম আৰু ডাউক চৰাই। অৱশ্যে বন বিভাগৰ অভিযানত জালত নপৰিল চোৰাং চিকাৰী।

নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত লাওঁখোৱা অভয়াৰণ্যৰ কাষৰীয়া অঞ্চল সমূহত চোৰাং চিকাৰীৰ দপদপনি। লাওঁখোৱা অভয়াৰণ্যৰ কাষৰীয়া অঞ্চল সমূহত একাংশ চোৰাং চিকাৰীয়ে অব্যাহত ৰাখিছে চৰাইৰ চিকাৰ।

অত্যাধুনিক টেপৰেকৰ্ডাৰ আৰু অডিঅ’ প্লেয়াৰ ব্যৱহাৰ কৰি একাংশ চোৰাং চিকাৰীয়ে লাওঁখোৱাৰ কাষৰীয়া অঞ্চলত চলায় চৰাইৰ চিকাৰ। বন বিভাগৰ অভিযানত জব্দ অত্যাধুনিক টেপৰেকৰ্ডাৰ আৰু অডিঅ’ প্লেয়াৰ।

বৃহস্পতিবাৰে লাওঁখোৱা অভয়াৰণ্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা এক অভিযানত জব্দ হৈছে বহু কাম আৰু ডাউক চৰাই। এক গোপন খবৰৰ ভিত্তিত বন বিভাগৰ দলে ৰূপহীহাটৰ দীঘলীত অভিযান চলাই এই চৰাই কেইটা উদ্ধাৰ কৰে।

অভিযান কালত বন বিভাগৰ দলটোৱে কাম আৰু ডাউক চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে বন বিভাগৰ দলটোৱে চিৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল। পূৰ্বেও বন বিভাগে এইদৰে অভিযান চলাই চোৰাং চিকাৰীৰ জালৰ পৰা চৰাই উদ্ধাৰ কৰিছিল।