গুৱাহাটী : ৰাজকন্যাকাণ্ডই বিপদত পেলাইছে জি এন আৰ চি হাস্পতালৰ চিকিৎসা ডাঃ নভনীল বৰুৱাক। ৰাজকন্যা বৰুৱাক চিকিৎসা প্ৰদান কৰাৰ বাবে ছেমি আই চি ইউত ভৰ্তি কৰোৱাৰ অভিযোগ উত্থাপন হৈছে জি এন আৰ চি হাস্পতালৰ চিকিৎসক ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চমন জাৰি কৰিছিল চিকিৎসক গৰাকীলৈ।

আৰক্ষীৰ চমনৰ পিছতে শুকুৰবাৰে পুৱাৰ ভাগত চিকিৎসক ডাঃ নভনীল বৰুৱা হাজিৰ হয় দিছপুৰ থানাত। থানাত হাজিৰ হোৱাৰ সময়ত চিকিৎসক গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে তেওঁৰ ৰাজকন্যা বৰুৱাৰ লগত পূৰ্বৰ চিকানি নাই। তেওঁৰ কোনো ভুল নাই।

চিকিৎসক ডাঃ নভনীল বৰুৱাই ৰাজকন্যা বৰুৱাক ছেমি আই চি ইউত ৰখাৰ অভিযোগ নস্যাত কৰি কয় যে মই ৰাজকন্যা বৰুৱাক আই চি ইউত ৰখা নাছিলোঁ। মই কাকো নিৰাপত্তা দিয়া নাই বুলিও কয় জি এন আৰ চি হাস্পতালৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱাই।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে গঠন কৰি দিয়া মেডিকেল বৰ্ডৰ ৬ জনীয়া চিকিৎসকৰ দলে প্ৰতিবেদন দাখিল কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যা বৰুৱাক। সুৰামত্ত হৈ ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিয়াৰ পিছত ২৪ ঘণ্টাৰ ভিতৰত জামিন লাভ কৰিছিল ৰাজকন্যা বৰুৱাই।

ৰাজকন্যা বৰুৱাই সহজে জামিন লাভ কৰা বিষয়টো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে এই বিষয়টোকলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পিছতে দিছপুৰ থানাৰ দুই আৰক্ষী বিষয়া ৰিজাৰ্ভ ক্ল’জ কৰি ৰাজকন্যা বৰুৱা পুনৰ গ্ৰেপ্তাৰ কৰা হয়। ৰাজকন্যা বৰুৱা পুনৰ গ্ৰেপ্তাৰ হোৱা মাজৰ সময়খিনিত ৰাজকন্যা বৰুৱা চিকিৎসাধীন হৈ আছিল জি এন আৰ চি হাস্পতালত।

ৰাজ্যকন্যা বৰুৱা অসুস্থ বুলি জি এন আৰ চি হাস্পতালে ছেমি আই চি ইউত ভৰ্তি কৰি ৰাখিছিল ৰাজকন্যা বৰুৱাক। কিন্তু মেডিকেল বৰ্ডৰ প্ৰতিবেদনত ওলাই পৰে যে ৰাজকন্যা বৰুৱা অসুস্থ নহয়। প্ৰতিবেদন পাই লগে লগে ৰাজকন্যা বৰুৱাক জি এন আৰ চি হাস্পতালৰ আই চি ইউৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জি এন আৰ চি হাস্পতালৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱালৈও আৰক্ষীয়ে চমন জাৰি কৰে। ৰাজকন্যা বৰুৱাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা নথকাৰ পিছতো জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত ৰাখি গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসক ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে।