আজিজ আলী

মুকালমুৱা : ৰাজকন্যা বৰুৱাই মহতিয়াই নিয়া দুই শ্ৰমিকৰ পৰিয়ালৰ কাষত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদিকা হাচিনা আহমেদ। আৰ্থিকভাৱে জুৰুলা পৰিয়াল দুটাক আৰ্থিক সাহাৰ্য্য প্ৰদান হাচিনা আহমেদৰ। পৰিয়াল দুটাৰ একমাত্ৰ উপাৰ্জনকাৰী দুর্ঘটনাত আহত হৈ ঘৰতে পৰি থাকিব লগীয়া হোৱাৰ বাবে পৰিয়াল দুটা আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে।

ইমৰণ হুছেইন আৰু চিৰাজ আলীক যোৱা ১ অক্টোবৰৰ নিশা মহতিয়াই নিছিল ৰাজকন্যা বৰুৱাৰ বাহনে। ৰুক্মিণীগাঁৱত পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা মুকালমুৱাৰ এই দুই শ্ৰমিক গুৰুত্বৰভাৱে আহত হৈছিল ৰাজকন্যা বৰুৱাই সুৰাৰ ৰাগীত মাতাল হৈ সংঘটিত কৰা দুৰ্ঘটনাত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত মুকালমুৱাৰ এই দুই শ্ৰমিকক ঘৰলৈ যাব দিয়া হৈছিল।

আহত ইমৰণ হুছেইন আৰু চিৰাজ আলী এতিয়াও বিছনাত।পৰিয়াল দুটাৰ একমাত্ৰ উপাৰ্জনকাৰী দয়োজন এইদৰে বিছনাত পৰি থকাৰ ফলত পৰিয়াল দুটা আৰ্থিক সমস্যাত পৰিছে। ইমৰণ হুছেইন আৰু চিৰাজ আলীৰ চিকিৎসাৰ খৰচ বহন কৰাতো পৰিয়াল দুটাৰ বাবে অসম্ভৱ হৈ পৰিছে। পৰিয়াল দুটাৰ আৰ্থিক দুৰৱস্থাৰ এই সময়ত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সম্পাদিকা হাচিনা আহমেদে পৰিয়াল দুটাক আগবঢ়াইছে আৰ্থিক সাহাৰ্য্য।

উল্লেখ্য যে ১ অক্টোবৰৰ নিশা ৰাজকন্যা বৰুৱাই সুৰামত্ত অৱস্থাত ৰুক্মিণীগাঁৱত ৯ জনকৈ লোকক মহতিয়াই নিছিল। এই দুর্ঘটনাত আহত হৈছিল ৮ জনকৈ শ্ৰমিক। আহত শ্ৰমিক সকলৰ ভিতৰত ৭ জন শ্ৰমিক মুকালমুৱা লোহাৰকাঠাৰ। বৰ্তমানেও ৫ জনকৈ শ্ৰমিক চিকিৎসাধীন অৱস্থাত আছে। ইফালে ভুক্তভোগী পৰিয়াল কেইটাই অসমৰ মুখ্যমন্ত্ৰীক আৰ্থিক সাহাৰ্য্যৰ আহ্বান জনাইছে।