গুৱাহাটী : নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাক নিলম্বনৰ দাবী অখিল গগৈৰ। অসমত জংঘলৰাজ চলিছে বুলি মন্তব্য কৰি প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক লক্ষ্য কৰি গুলী চালনা কৰা আৰক্ষীৰ লোক সকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় শিৱসাগৰৰ বিধায়ক গৰাকীয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ লগতে অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে নগাঁৱৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে।

নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা নগাঁও আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নগাঁওবাসী ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে এই ঘটনাক তীব্ৰ গৰিহণা দিছে। ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীৰ গুলী চালনাই অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ আকৌ এবাৰ উদঙাই দিছে।

ৰাইজৰ দলে আৰক্ষীৰ গুলী চালনাৰ ঘটনাক নিন্দা কৰি আহিছে আৰু আৰক্ষীৰ গুলী চালনা ঘটনাক হিটলাৰতন্ত্ৰ নাম দিছে বুলিও কয় শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। গণতান্ত্ৰিক দেশ এখনত কোনো কাৰণতে আৰক্ষীয়ে এনেদৰে গুলী চালনা কৰিব নোৱাৰে। আৰক্ষীৰ গুলী চালনাক বিভিন্ন সময়ত বিভিন্নজনে সমৰ্থন কৰি অহাৰ বাবাই আজি কীৰ্তি কমল বৰা নামৰ নিৰীহ যুৱকক আৰক্ষীয়ে গুলী চালনা কৰাৰ সাহস পালে বুলিও কয় বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে লগতে কয় যে নগাঁও আৰক্ষীৰ এই গুলী চালনাৰ ঘটনাক আমি নিন্দা কৰিছোঁ। এই গুলী চালনাৰ লগত জড়িত থকা সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাক নিলম্বনৰ কৰাৰ দাবী জনায় বিধায়ক অখিল গগৈয়ে। অসমৰ ৰাইজে ইয়াৰ বিৰোধিতা কৰিব লাগে। এনে ঘটনা বাৰম্বাৰ ঘটি আছে আৰু অতি শীঘ্ৰে এনে ঘটনা বন্ধ কৰিব লাগে বুলিও কয় বিধায়ক অখিল গগৈয়ে।

অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে নগাঁৱৰ ঘটনাক গৰিহণা দি কয় যে এই ঘটনাই অসমৰ ভয়াবহ ভৱিষ্যতৰ ইংগিত দিছে। অসমত চলি থকা আৰক্ষীৰ গুলী চালনাৰ ঘটনাই অসমৰ সাংবিধানিক বিধি ব্যবস্থ্যলৈ সংকট নমাই আনিছে বুলি কয় অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে। এই প্ৰক্ৰিয়াটোৱে অসমত ইতিমধ্যে জংঘলৰাজৰ সৃষ্টি কৰিছে আৰু ইয়াৰ জৰিয়তে অসমত মুক্ত হত্যাৰ পৰিৱেশ সৃষ্টি হোৱা বুলিও কয় লুৰীণ জ্যোতি গগৈয়ে।

অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে কয় যে এনে ঘটনাক আমি কেতিয়াও মানি লব নোৱাৰো। এটা সময়ত ড্ৰাগছ সৰবৰাহকাৰী, ডকাইত আৰু আন আন অপৰাধীক লক্ষ্য কৰি গুলী চালনা কৰি এটা পৰিৱেশ তৈয়াৰ কৰাৰ পিছত এতিয়া তেওঁলোক বিভিন্ন দল-সংগঠনৰ নেতা সকলক লক্ষ্য কৰি লৈছে বুলিও কয় অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে।

উল্লেখ্য যে শনিবাৰে নিশা নগাঁৱত ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কীৰ্তি কমল বৰা নামৰ এজন প্ৰাক্তন ছাত্ৰ নেতাক লক্ষ্য কৰি গুলী চালনা কৰিছিল। আহত কীৰ্তি কমল বৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইফালে আৰক্ষীৰ গুলীত অহাত কীৰ্তি কমল বৰা ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। কীৰ্তি কমল বৰাৰ পৰিয়ালেও আৰক্ষীৰ অভিযোগ নস্যাৎ কৰিছে।

আৰক্ষীৰ গুলীত আহত হোৱা কীৰ্তি কমল বৰাই চিকিৎসাধীন অৱস্থাতে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে সন্ধিয়া প্ৰায় ৭ বজাত মাতৃৰ ঔষধ আনিবলৈ আহি থকা অৱস্থাত কচলুখোৱা ৰাস পথাৰৰ ওচৰত কেইজনমান আৰক্ষীয়ে অসামৰিক পোচাকত যুৱক কেইজনমানক সোধপোচ কৰি থকা আৰু মাৰপিট কৰি থকা প্ৰত্যক্ষ কৰে। কীৰ্তি কমল বৰাই অসামৰিক পোচাকত থকা আৰক্ষীৰ লোককেইজনক কৌতূহল বশতঃ ইয়াৰ কাৰণ সোধে। আৰক্ষীৰ লোককেইজনে এই কথাতে কীৰ্তি কমলৰ লগত তৰ্কাতৰ্কি লাগে। আৰক্ষীৰ লোককেইজনৰ মাজৰে বনিয়া উপাধিৰ এজন আৰক্ষীৰ জোৱানে খঙত অগ্নিশৰ্মাহৈ কীৰ্তিকমলৰ ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰে।

ইপিনে আৰক্ষীৰ লোককেইজনে কীৰ্তি কমল বৰা সুৰামত্ত অৱস্থাত আছিল বুলি অভিযোগ কৰিছে।ইয়াৰ বিপৰীতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মুখতে কীৰ্তি কমল বৰাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰই কোনোধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন নকৰে বুলি সজোৰে মন্তব্য কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ভুক্তভোগী ছাত্র নেতাজনৰ পৰিয়ালৰ লোকে।

উল্লেখ্য যে আহত কীৰ্তি কমল বৰা নগাঁও মহাবিদ্যালয়ৰ আছু গোটৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল। ইফালে কীৰ্তি কমল বৰাৰ পৰিয়ালৰ লোকে গুলি চালনা কৰা আৰক্ষীৰ লোক সকল সুৰামত্ত অৱস্থাত আছিল বুলি অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ লোকে আৰক্ষীৰ লোক সকলকৰ স্বাস্থ্য পৰীক্ষা কৰাৰো দাবী উত্থাপন কৰে। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই গুলী চালনা কৰা আৰক্ষীৰ লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ আশ্বাস প্ৰদান কৰে। এতিয়া কোন সঁচা কোন মিছা তদন্তৰ পিছতে পোহৰলৈ আহিব।