গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ এক ভয়ংকৰ অগ্নিকাণ্ড। মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। বিদ্যুৎ বিজুৰিত ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।

মহানগৰী গুৱাহাটী পুনৰ এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ব্যস্ত ফাঁচী বজাৰৰ চেম্বাৰ ৰোডত দেওবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। জুইৰ লেলিহান শিখা হোটেল গোপাল মহাৰাজলৈ বিয়পি পৰে। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হয়।

অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰায় এঘণ্টা সময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ক্ষতি হোৱা সম্পত্তিৰ পৰিমাণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইত সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বে মহানগৰীৰ কালাপাহাৰত সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ড।