গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। কালাপাহাৰত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰিলে ডকাইতৰ দলে। ৬০ বছৰীয়া মহিলা গৰাকীক হত্যা কৰি ডকাইতৰ দলে লুটি নিলে সকলো সম্পত্তি।

দিনে-নিশাই আৰক্ষীয়ে গীজগিজাই থকা মহানগৰী গুৱাহাটীত অপৰাধ নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰক্ষী। এটাৰ পিছত আনটো অপৰাধজনীত ঘটনা সংঘটিত হৈ আছে মহানগৰী গুৱাহাটীত। ডকাইতি আৰু হত্যা এতিয়া একেবাৰে সাধাৰণ ঘটনা হৈ পৰিছে গুৱাহাটীত।

পুনৰবাৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যা আৰু ডকাইতিকাণ্ড। মহানগৰীৰ কালাপাহাৰত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰি ডকাইতৰ দলে সংঘটিত কৰিলে ডকাইতিকাণ্ড। কালাপাহাৰৰ গোপীনাথ নগৰৰ তাৰা হীৰা কমপ্লেক্সৰ স্বত্বাধিকাৰী অনু হাজৰিকা নামৰ এগৰাকী ৬০ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰিলে ডকাইতৰ দলে।

দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। ডকাইতৰ দলে মহিলা গৰাকীক হত্যা কৰি ঘৰৰ সকলো মূল্যবান সামগ্ৰী লুটি নিয়াৰ লগতে চি চি টিভি কেমেৰা ভাঙি থৈ যায়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে।