যোৰাবাট : ৰাজপথৰ ওপৰত জ্বলি ভস্মীভূত হ’ল এখন ৰবৰ ভৰ্তি ট্ৰাক। মহানগৰীৰ সমীপৰ দহ মাইলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কথমপি প্ৰাণ ৰক্ষা ট্ৰাক চালকজনৰ। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন।

মহানগৰী গুৱাহাটীৰ যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত দহ মাইলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দহ মাইলৰ ৰাজপথৰ ওপৰত হঠাৎ দাওদাওকৈ জ্বলি উঠে এখন ৰবৰ ভৰ্তি ট্ৰাক। বিদ্যুৎ বিজুতিৰ ফলত ট্ৰাকখনত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

জেকে-০২-চিজি-৯৯৭৫ নম্বৰৰ এখন ট্ৰাক ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ ৰবৰলৈ আহি থকা অৱস্থাত দহ মাইলত হঠাৎ ট্ৰাকখন জ্বলি উঠে। অগ্নিকাণ্ড পৰিতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ট্ৰাকখনৰ চালক জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে ট্ৰাকখনৰ পৰা জপিয়াই নামি অহাত কথমপি চালকজনৰ প্ৰাণ ৰক্ষা পৰে।

ৰাজপথৰ ওপৰত দাওদাওকৈ এখন ট্ৰাক জ্বলি উঠাত ৰাজপথৰ ওপৰত তীব্ৰ যানযতৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পাই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত ট্ৰাকখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।