মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান। সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত বাংলাদেশৰ গৰু সৰবৰাহকাৰী। নিহত বাংলাদেশী গৰু সৰবৰাহকাৰীজনৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। বাংলাদেশী গৰু সৰবৰাহকাৰীজনে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা সময়ত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হয়।

ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপৰ পিছতো অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চল সমূহত ব্যাপক হাৰত গৰুৰ অবৈধ সৰবৰাহ চলাই গৈছে একাংশ গৰু সৰবৰাহকাৰীয়ে। ভাৰত-বাংলাদেশ সীমান্তৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্রান্তেৰে অবৈধভাৱে বাংলাদেশলৈ গৰুৰ সৰবৰাহ চলি আছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ অঞ্চল সমূহত বিভিন্ন সময়ত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই গৰু জব্দ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰায়ে প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। এইবাৰ সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত এজন বাংলাদেশী গৰু সৰবৰাহকাৰী নিহত হৈছে।

বাংলাদেশৰ গৰু সৰবৰাহকাৰীজনে কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে গৰু সৰবৰাহ কৰি থকা সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলায়। অভিযানকালত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হয় বাংলাদেশী গৰু সৰবৰাহকাৰীজন। ঘটনাস্থলীৰ পৰা এটা গৰু আৰু বাংলাদেশলৈ গৰু পাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা বাঁহৰ কেৰেঙ জব্দ কৰে অভিযানকাৰী দলটোৱে।

নিহত বাংলাদেশী গৰু সৰবৰাহকাৰী জনৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। গৰু সৰবৰাহকাৰীজনে পুৱতি নিশা বাঁহৰ কেৰেঙৰে গৰু বাংলাদেশলৈ পাৰ কৰি থকা সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলায়। ঘটনাস্থলীত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্তৰঞ্জন শইকিয়া আৰু সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছে।